নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ জুনলৈ প্রয়োজন কঠোৰ কোৱাৰেণ্টাইনৰ

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ভয়াৱহ ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি অহা ১৫ জুনলৈ কঠোৰ কোৱাৰেণ্টাইনৰ আৱশ্যকতাৰ কথা আজি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ‘নিউজ লাইভ’ৰ প্রেক্ষাপট অনুষ্ঠানত স্বাস্থ্যমন্ত্রীগৰাকীয়্ এই সন্দর্ভত কয় যে বহিঃৰাজ্যৰ পৰা ইতিমধ্যে প্রায় ডেৰ লাখ লোক অসমলৈ উভতি আহিছে৷ আনহাতে, অহা সময়ছোৱাত পুনৰ ৫০ হাজাৰ লোক উভতি অহাৰ সম্ভাৱনা আছে৷ এই সমগ্র প্রক্রিয়াটো অহা ১০ জুনৰ পৰা ১৫ জুনৰ ভিতৰত সম্পন্ন হ’ব৷ এনে অৱস্থাত ১৫ জুনলৈ কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থাৰ আৱশ্যক আছে৷

অন্যথা তৃতীয় পর্যায়ত ৰাজ্যত সামাজিক সংক্রমণ বিয়পাৰ সম্ভাৱনা আছে৷ তেওঁ কয়– দ্বিতীয় স্তৰতে ক’ৰোনা সংক্রমণ প্রতিৰোধৰ আপ্রাণ চেষ্টা চলাই থকা হৈছে৷ সেই লক্ষ্যৰে কোৱাৰেণ্টাইন ব্যৱস্থাত সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ পাছৰ পর্যায়ৰ দায়িত্ব ৰাইজৰ৷ কিয়নো বহিঃৰাজ্যৰ পৰা অসমলৈ উভতিব খোজা ২ লাখ লোকে আবেদন কৰিছে৷ ইয়াৰ পাছতো বহু লোকে নিজাববীয়াকৈ অসমত সোমাইছে৷ শ্রীৰামপুৰ, বক্সিৰহাটেৰে অসমত সোমোৱাৰ বহু পথ আছে৷ সেয়েহে বহু লোক এতিয়াও চিনাক্ত হোৱা নাই অথবা কোৱাৰেণ্টাইনত অহা নাই৷ এনে অৱস্থাত এইক্ষেত্রত ৰাইজৰ এক গুৰুদায়িত্ব আছে৷ নতুন মুখ দেখিলেই অথবা বহু দিনৰ পাছত যদি কোনো লোক গাঁৱলৈ ঘূৰি আহে, ততালিকে স্বাস্থ্য বিভাগক খবৰ দিয়ক৷ ৰাইজৰ সহযোগিতা নহ’লে তৃতীয় পর্যায়ৰ সংক্রমণ ৰোধ কৰা সম্ভৱ নহয়৷ অসমত ২৫ হাজাৰ ৰাজহ গাঁও আছে, চৰ আছে৷

তদুপৰি বহু অঞ্চলত প্রশাসনো গৈ নাপায়৷ এনেবোৰ অঞ্চলত নতুন লোকৰ আৱির্ভাৱ ঘটিলে খবৰ দিয়াৰ দায়িত্ব সাধাৰণ ৰাইজৰ৷ যদি ৰাইজে সহযোগিতা আগ নবঢ়ায় ক’ৰোনাৰ সামাজিক সংক্রমণ আজিৰ পৰিস্থিতিতকৈও ভয়াৱহ হৈ পৰিব পাৰে৷ মন্ত্রীগৰাকীয়ে এই প্রসংগতে কয় যে প্রথম অৱস্থাত অসমত ৫০০জন লোক আক্রান্ত হ’ব বুলি ধাৰণা কৰিছিলোঁ যদিও শেহতীয়াকৈ শ্রমিক এক্সপ্রেছ ৰে’লযোগে যি হাৰত বহিঃৰাজ্যৰ পৰা লোক আহিছে, এই সংখ্যা ৩০ মে’লৈ ১ হাজাৰলৈ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে৷ অৱশ্যে দ্বিতীয় পর্যায়ত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধিত সাধাৰণ ৰাইজে ভয় খাব লগা নাই৷

কিয়নো অসমত এতিয়াও সামাজিক সংক্রমণ ঘটা নাই৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ মাজতহে সংক্রমণ ঘটিছে৷ অহা ১৫–২০ দিনত বহিঃৰাজ্যৰ পৰা আগমন অন্ত পৰিব৷ এনে অৱস্থাত কোৱাৰেণ্টাইন ব্যৱস্থাৰে এই সংক্রমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগ সক্ষম হ’ব৷ ইফালে, ক’ৰোনাৰ বিৰুদ্ধে চলি থকা এই সংগ্রামত একাংশ লোকে কৰা সমালোচনাৰ বাবে কিছু স্থবিৰ হৈ পৰাৰ কথা উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ তেওঁ কয়– ১৬ মার্চৰ পৰা বিহু পর্যন্ত যি গতিত আমি কাম কৰিছিলোঁ, কিছু সমালোচনাই আমনি কৰা বাবেই স্থবিৰ হৈ পৰিছিলোঁ৷

আমাৰ প্রচেষ্টাক চৰকাৰী ধনৰ অপচয় বুলিও কৈছিল৷ যদি সেই সময়ত আমি এই প্রচেষ্টাবোৰ কৰি গ’লোঁহেঁতেন, আজি বহু সুবিধাজনক স্থানত থাকিলেহেঁতেন ৰাজ্যখন৷ কিন্তু বর্তমান স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীয়ে টীমৱর্ক হিচাপে কাম কৰি আছে৷ এই টীম স্পিৰিটৰ বাবে অসমে কম সময়ৰ ভিতৰতে ক’ৰোনাৰ বিৰুদ্ধে সবল স্থিতিত থিয় দিছে৷ মন্ত্রীজনে শেহতীয়াকৈ কোৱাৰেণ্টাইন শিবিৰত একাংশই খাদ্যক লৈ কৰা অসন্তুষ্টি তথা আপত্তিক লৈও প্রতিক্রিয়া প্রকাশ কৰে৷ তেওঁ কয়– একোজন লোকৰ বাবে প্রতিদিনে ৫০০ টকাকৈ খাদ্যৰ বাবে স্বাস্থ্য বিভাগে দিছে যদিও ইয়াৰে ৩০০ টকা অন্যান্য সামগ্রীৰ বাবদ খৰচ হয়৷ সেই দিশটোৰ প্রতিও আপত্তি কৰাসকলে নজৰ দিয়া উচিত৷

অৱশ্যে যোৱা তিনিটা মাহত বহু ভাল লোকৰ সংস্পর্শলৈ আহিছে স্বাস্থ্য বিভাগ৷ যাৰ বাবে কোৱাৰেণ্টাইন ব্যৱস্থা সুস্থিৰভাৱে পৰিচালিত হৈছে৷ লকডাউন সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীৰ্ স্পষ্ট মন্তব্য– নিশাৰ ভাগত সান্ধ্য আইন বলৱৎ থকাটো ভাল৷ আনহাতে, স্কুল–কলেজৰ শ্রেণীসমূহ ক্রমাগতভাৱে সামাজিক দূৰত্ব বজাই ৰাখি খুলিব পৰা যাব৷ আনহাতে, শ্বপিং মল বা আন ব্যৱসায়িক প্রতিষ্ঠানসমূহ সামাজিক দূৰত্ব বজাই ৰাখি খোলাৰ বাবে মত প্রকাশ কৰি তেওঁ এই প্রতিষ্ঠানসমূহত বহু যুৱক–যুৱতী জড়িত হৈ থকা দিশটোকো উল্লেখ কৰে৷ ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানক কোৱাৰেণ্টাইন শিবিৰলৈ ৰূপান্তৰ কৰা সন্দর্ভত তেওঁ কয়– শিক্ষামন্ত্রী হিচাপে স্কুল–কলেজত শিবিৰ স্থাপন কৰাটো ভাল লগা নাই যদিও পৰিস্থিতিৰ ওপৰত নির্ভৰশীল হৈয়েই এই পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে৷

You might also like