নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালত বিশ্বৰ ৬জন যুৱকৰ এজনেই হৈ পৰিছে কর্মহীন

নিয়মীয়া বাৰ্তা, ২৮ মেঃ বিশ্বজুৰি ঘাতক ৰূপ ধাৰণ কৰা ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীক প্রতিৰোধ কৰিবলৈ দেশে দেশে লকডাউন ঘোষণা কৰাৰ ফলত হঠাতে কর্মহীন হৈ পৰিছে অসংখ্য লোক৷ ক’ভিড–১৯ মহামাৰীয়ে সমগ্র পৃথিৱীতে জীৱিকা হৰণ কৰিছে অসংখ্য লোকৰ৷ কিন্তু ইয়াৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে যুৱপ্রজন্মৰ কর্মীসকল৷

ৰাষ্ট্রসংঘৰ তৰফৰ পৰা আজি সদৰী কৰা অনুসৰি ২৯ বছৰ বয়সৰ তলৰ প্রতি ৬জন যুৱকৰ এজনেই হৈপৰিছে এই লকডাউনৰ সময়ত কর্মহীন৷ জীৱিকা হেৰুওৱা এই লোকসকলক বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই আখ্যা দিছে ‘লকডাউন জেনেৰেচন’ বুলি৷ আন্তর্জাতিক শ্রম সংস্থা (আইএল’)ৰ এক অধ্যয়ন অনুসৰি ন’ভেল ক’ৰোনা ভাইৰাছ সংকটে যুৱপ্রজন্মক উপহাৰ দিছে কেৱল কর্মহীনতা৷

আগন্তুক কেইবা দশকলৈ এই কাম হেৰুওৱা যুৱকসকলৰ ওপৰত ভয়াৱহ প্রভাৱ পৰিব বুলিও আইএল’ৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ আনকি বহু সুদক্ষ যুৱকৰ ভৱিষ্যৎ কেৰিয়াৰ অন্ধকাৰত বিলীন হ’ব পাৰে বুলিও আশংকা কৰা হৈছে৷ আইএল’ৰ মুৰব্বী গাই ৰাইডাৰে উল্লেখ কৰা অনুসৰি মহামাৰীৰ পৰা পৰিত্রাণ পালেও পৃথিৱীজুৰি সৃষ্টি হ’ব এক কর্মহীন প্রজন্ম৷ এই কর্মহীন লোকৰ সংখ্যা হ’ব পাৰে ২৬৭ নিযুত৷

২০১৯ত বিশ্বজুৰি নিবনুৱা যুৱক–যুৱতীৰ হাৰ আছিল ১৩.৬ শতাংশ৷ কিন্তু মহামাৰী প্রতিৰোধৰ এই লকডাউনৰ বাবে কর্মহীন যুৱক–যুৱতীৰ সংখ্যাৰ হাৰ হৈ পৰিব ১৭ শতাংশতকৈ অধিক৷ ইফালে, প্রাণঘাতী ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণ অধিক দ্রুত হৈ পৰিছে ভাৰতত৷ বিগত ২৪ ঘণ্টাত ভাৰতত ৬,৩৮৭গৰাকী লোক নতুনকৈ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ উপৰি এই সময়ছোৱাত মাৰাত্মক ভাইৰাছবিধত প্রাণ হেৰুৱাইছে ১৭০গৰাকী লোকে৷ এই বাতৰি যুগুতোৱা পৰলৈ মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা দেশত সংক্রমিত মুঠ লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,৫১,৭৬৭গৰাকীলৈ৷

ইফালে, ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪,৩৮৭গৰাকীলৈ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ ভাৰতত ক’ৰোনাৰ দ্বাৰা সংক্রমিত হৈ চিকিৎসা গ্রহণ কৰি থকা লোকৰ সংখ্যা ৮৩,০০৪গৰাকী বুলি স্বাস্থ্য মন্ত্রালয়ে এক বিবৃতিত উল্লেখ কৰাৰ উপৰি ইতিমধ্যে ৬৪,৪২৫গৰাকী সুস্থ হৈ ঘৰলৈ ওভতা বুলিও প্রকাশ কৰিছে৷

You might also like