নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৩৩ জনৰ দেহত ক’ৰোনা; মুঠ আক্ৰান্তৰ সংখ্যা ৮৩১ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৮ মে’: ৰাজ্যত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

ইয়াৰে ১০ গৰাকী নগাঁৱৰ, ৮ গৰাকী কামৰূপ মেট্ৰ’ৰ, ৭ গৰাকী কাছাৰৰ, ১ জনকৈ হোজাই আৰু ডিমা হাচাওৰ, ২ জনকৈ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ আৰু ২ গৰাকী এতিয়ালৈকে কোন জিলাৰ জানিব পৰা হোৱা নাই ৷

যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮৩১ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৭৩৭ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

You might also like