নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছআইৰ চক্র উৎখাত সেনা–মুম্বাই আৰক্ষীৰ

নিয়মীয়া বার্তা, ৩১ মে’: পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে ভাৰতক ৰক্তাক্ত কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে৷ আজি জম্মু–কাশ্মীৰত থকা সেনাৰ চোৰাংচোৱা আৰু মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই পাকিস্তানী চোৰাংচোৱাৰ এক বৃহৎ নেটৱর্ক উৎখাত কৰিবলৈ সক্ষম হৈছে৷ লাডাখত ভাৰতৰ প্রতিৰক্ষা সন্দর্ভত ইণ্টাৰনেট প্রট’কলত অবৈধ ভইচ অভাৰ ব্যৱহাৰ কৰি বিভিন্ন তথ্য সংগ্রহৰ প্রচেষ্টা চলাইছিল আইএছআইৰ এটা গোটে৷

এই ঘটনা সন্দর্ভত মুম্বাইত সেনাৰ চোৰাংচোৱা আৰু আৰক্ষী অপৰাধ শাখাই এজন লোকক গ্রেপ্তাৰ কৰাৰ উপৰি এই ঘটনাত অন্য কেইবাজনো লোক জড়িত থকা বুলি ঘোষণা কৰিছে৷ সেনা আৰু আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত তীব্রতৰ কৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷

উল্লেখনীয় যে আৰক্ষী আৰু সেনাই মুঠ তিনিটাকৈ কার্যক্ষম ছিমবক্স জব্দ কৰাৰ উপৰি লেপটপ, ১৯১খন ছিম কার্ড, এণ্টেনা, বেটাৰীকে ধৰি বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্রীও লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like