নিয়মীয়া বার্তা, ৩১ মে’: বিশ্বৰ ১০খন গণতান্ত্রিক দেশৰ মাজত ৫জি ক্লাব সৃষ্টি কৰাৰ বাবে ব্রিটিছ চৰকাৰে চিন্তা–চর্চা চলাইছে৷ এইক্ষেত্রত আমেৰিকাক ৫জি ক্লাব সন্দর্ভত তৎপৰ হ’বলৈ আহ্বান জনাইছে লণ্ডন প্রশাসনে৷ চীনা টেলিকম সংস্থা হুৱাবেইৰ আগ্রাসী কাম–কাজক লৈ উদ্বিগ্ণ ব্রিটেইন৷ গতিকে বিশ্বৰ ১০খন বৃহৎ গণতান্ত্রিক দেশত ৫জি ক্লাবত অন্তর্ভুক্ত কৰিবলৈ তৎপৰতা চলাইছে ব্রিটিছ চৰকাৰে৷ এইক্ষেত্রত ৫জি ক্লাবত ভাৰতকো স্থান দিয়াৰ সিদ্ধান্ত লৈছে ব্রিটেইনে৷
দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ ইতিমধ্যে এই ৫জি ক্লাবৰ নাম ‘ডি–১০’ হ’ব বুলি ঘোষণা কৰিছে ব্রিটেইনে৷ এই ডি–১০ত আমেৰিকা, ব্রিটেইন, ভাৰতৰ উপৰি ইটালী, জার্মানী, ফ্রান্স, জাপান, কানাডা, অষ্ট্রেলিয়া আৰু দক্ষিণ কোৰিয়া সদস্য হিচাপে থাকিব৷ চীনৰ ওপৰত নির্ভৰশীল নহ’বলৈ ভাৰত, অষ্ট্রেলিয়া আৰু দক্ষিণ কোৰিয়াই ৫জি সঁজুলি আৰু অন্যান্য প্রযুক্তিৰ বাবে সুকীয়া যোগনীয়াৰৰ ব্যৱস্থা কৰিব৷ অর্থাৎ চীনৰ প্রযুক্তি প্রত্যাহ্বানৰ এয়া এক সন্মিলিত প্রয়াস হ’ব৷