নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুকত বাজিব এক লাখ হিন্দী চিৰযুগমীয়া গীত

নিয়মীয়া বাৰ্তা, ৪ জুন: আধুনিক সমাজৰ মানৱৰ অংগাংগী স্বৰূপ ফেচবুকত এক লাখ হিন্দী চিৰযুগমীয়া গীত বাজিব৷ ফেচবুকৰ গ্রাহকে নিজৰ যিকোনো তথ্যৰ লগত এই গীত সন্নিৱিষ্ট কৰিব পাৰিব৷ সা ৰে গা মাৰ সৈতে অলপতে হিন্দীৰ এক লাখ গীতক লৈ চুক্তিবদ্ধ হৈছে ফেচবুক৷

ফেচবুক ইণ্ডিয়াৰ পার্টনাৰশ্বিপ মুৰব্বী মনীষ চোপ্রাই সদৰি কৰা মতে, সা ৰে গা মাৰ সৈতে হোৱা চুক্তি অনুসৰি ফেচবুক আৰু ইয়াৰ ভগ্ণী মঞ্চসমূহত এই গানসমূহ সন্নিৱিষ্ট হ’ব আৰু গ্রাহকে ইয়াক বিনোদন কৰিব পাৰিব৷ এক লাখ গীতৰ ভিতৰত হিন্দী চলচ্চিত্রৰ গীত, ভক্তিমূলক গীত, গজল, ইণ্ডিয়ান পপ আদি আছে৷

ফেচবুকৰ লগতে ইনষ্টাগ্রামৰ গ্রাহকসকলেও এই গীতসমূহ নিজৰ প্রফাইলত সন্নিৱিষ্ট কৰিব পাৰিব৷ বিশ্বৰ অন্যতম পুৰণি সংগীত সংস্থা সা ৰে গা মাৰ লাইব্রেৰীত কিংবদন্তি শিল্পী লতা মংগেশকাৰ, কিশোৰ কুমাৰ, মহম্মৰ ৰফি, আশা ভোঁসলে, গুলজাৰ, জগজিৎ সিং, আৰ ডি বর্মন, কল্যাণজী–আনন্দজী, গীতা দত্ত আৰু লক্ষ্মীকান্ত–প্যাৰেলাল্ সংগীত জগতলৈ আগবঢ়োৱা বৰঙণিসমূহ উপলব্ধ হৈ আছে৷

উল্লেখ্য যে ফেচবুকে সা ৰে গা মাৰ সৈতে চুক্তি কৰাৰ পূর্বে টি ছিৰিজ, য়ছৰাজ ফিল্মছ আৰু জি মিউজিকৰ সৈতেও চুক্তি কৰিছিল৷ আনপিনে বিশ্বপ্রসিদ্ধ ৱার্নাৰ মিউজিক আৰু ইউনিভার্ছেলৰ সৈতেও চুক্তি কৰাৰ বাবে ফেচবুকে ইতিমধ্যে বার্তালাপ আৰম্ভ কৰিছে বুলি বাতৰিত প্রকাশ পাইছে৷

You might also like