নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত প্রান্তে প্রান্তে মাস্ক বিতৰণ লক্ষী ভোগৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ পৰিৱশ দিৱসৰ লগত সংগতি ৰাখি ব্লাক ফুড্ছ পাৰেণ্ট কোম্পানী লক্ষী ভোগে  মহানগৰীৰ বিভিন্ন প্রান্তত পুনৰ ব্যৱহাৰযোগ্য মাস্ক বিতৰণ কৰে৷ পাণবজাৰ আৰক্ষীৰ সহযোগত পুনৰ ব্যৱহাৰযোগ্য কপাহী মাস্ক বিতৰণ শিবিৰ অনুষ্ঠিত কৰে৷

উক্ত শিবিৰত পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া হেমেন দাসে লোকসকলৰ মাজত মাস্ক বিতৰণ কৰে৷ এই সন্দর্ভত লক্ষী ভোগৰ মুকুন্দ ৰিনৱা আৰু কৃষ্ণা শর্মাই জানিবলৈ দি কয় যে ব্লাক ফুড্ছে সকলোৰে বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷ ২৫ কিলো চাউল ক্রয় কৰিলে প্রতিগৰাকীয়ে এখন পুনৰ ব্যৱহাৰযোগ্য মাস্ক লাভ কৰিব৷

ইপিনে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গেলাপট্টি, ফাঁচীবজাৰৰ শ্রমিকসকলৰ লগতে আৰক্ষীৰ মাজত লক্ষী ভোগৰ সদস্যসকলে মাস্ক বিতৰণ কৰে৷ উল্লেখ্য যে ব্লাক ফুড্ছে বিভিন্ন সময়ত এনেধৰণৰ সামাজিক সেৱা আগবঢ়াই আহিছে আৰু পিছলৈ এই সেৱা অব্যাহত ৰাখিব৷

You might also like