নিয়মীয়া বাৰ্তা, ৫ জুনঃ উত্তৰাখণ্ডৰ ৰাণীখেতৰ এগৰাকী জৈৱিক কৃষকে বিশ্বৰ ভিতৰত সর্বোচ্চ উচ্চতাৰ ধনিয়াৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ আলমৰা জিলাৰ ৰাণীখেতৰ বিল্লেখৰ জি এছ অর্গেনিক এপ’ল ফার্মৰ গোপাল উপ্রেটি নামৰ কৃষকজনে সর্বোচ্চ উচ্চতাৰ ধনিয়াৰে গীনিজ বুক ৱর্ল্ড ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে৷
২.১৬ মিটাৰ উচ্চতাৰ ধনিয়া গছডালক লৈ গৌৰৱান্বিত কৃষক উপ্রেটিয়ে যোৱা এপ্রিল মাহত তেওঁৰ এই উৎপাদন সন্দর্ভত গীনিজ ৱর্ল্ড ৰেকর্ডলৈ স্বীকৃতি বিচাৰি পত্র প্রেৰণ কৰিছিল৷ সেই পত্রৰ উত্তৰ হিচাপে গীনিজ অৱ ৱর্ল্ড ৰেকর্ডে ২ মে’ত প্রতীকচিহ্ণসহ উপ্রেটিক স্বীকৃতি প্রদান কৰে৷ লকডাউনৰ মাজতে কৃষকগৰাকীয়ে উৎপাদিত ধনিয়া গছৰ উচ্চতাৰ মাপ কৰিছিল আলমৰা মুখ্য উদ্যান শস্য বিষয়া টি এন পাণ্ডে, উত্তৰাখণ্ড জৈৱিক ব’ড ৰাণীখেত মাজখলীৰ ভাৰপ্রাপ্ত বিষয়া তথা বিশেষজ্ঞ দেৱেন্দ্র সিং নেগী আৰু বিল্লেখৰ উদ্যান শস্য বিষয়া ৰামসিং নেগীয়ে৷
কৃষক উপ্রেটিয়ে লাভ কৰা স্বীকৃতিৰ বাবে অঞ্চলবাসী গৌৰৱান্বিত বোধ কৰিছে৷ আনহাতে লকডাউনৰ মাজতে উদ্যান শস্যত অভিলেখ গঢ়ি দেশলৈ সন্মান কঢ়িয়াই আনিলে কৃষক উপ্রেটিয়ে৷