দেশ বিদেশৰাষ্ট্ৰীয় ক’ৰোনাৰ প্রকোপত কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ সিদ্ধান্ত: বাজেটৰ সকলো আঁচনি ৯ মাহলৈ স্থগিত By নিয়মীয়া বাৰ্তা On Jun 6, 2020 Share নিয়মীয়া বাৰ্তা, ৬ জুনঃ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রকোপত স্থবিৰ হৈ পৰিছে দেশৰ অর্থনীতি৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশত বলৱৎ হৈ থকা লকডাউনৰ পৰিণতিত চৰকাৰৰ ৰাজহ সংগ্রহ ব্যাপক হাৰত হ্রাস পাইছে৷ বর্তমানেও কোনোধৰণৰ প্রতিষেধক–ঔষধ উদ্ভাৱন সম্ভৱ নোহোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কার্যতঃ এই মূহূর্তত হৈ পৰিছে এক বিৰাট প্রত্যাহ্বান৷ ইয়াৰ মাজতে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে এক নজিৰবিহীন সিদ্ধান্ত গ্রহণ কৰিছে৷ যোৱা ৪ জুনত কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ ব্যয় বিভাগ (এক্সপেণ্ডিছাৰ ডিপার্টমেণ্ট)–এ জাৰি কৰা এক ‘অফিচ মেম’ৰেণ্ডাম’যোগে চলিত ২০২০–২১ বিত্তীয় বর্ষৰ বাজেটত অনুমোদিত সকলো নতুন আঁচনি অহা ৩১ মার্চ অর্থাৎ ৯ মাহ পর্যন্ত স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, ‘অফিচ মেম’ৰেণ্ডাম’খনত এই সন্দর্ভত উল্লেখ কৰা হৈছে এইদৰে–‘ক’ভিড–১৯ মহামাৰীৰে মোকাবিলাৰ বাবে চৰকাৰী বিত্তীয় সম্পদৰ ওপৰত অভূতপূর্বভাৱে চাপ বৃদ্ধি হৈছে৷ আমাৰ সন্মুখত থকা পৰিৱর্তিত পৰিস্থিতিক অগ্রাধিকাৰ দি এই সম্পদ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব৷’ ইতিমধ্যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ ব্যয় বিভাগে নীতিগতভাৱে অনুমোদন জনোৱা আঁচনিসমূহৰ ক্ষেত্রতো এই সিদ্ধান্ত কার্যকৰী হ’ব বুলি ‘অফিচ মেম’ৰেণ্ডাম’খনত উল্লেখ কৰা হৈছে৷ অৱশ্যে আত্মনির্ভৰ ভাৰত অভিযান আৰু প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাৰ লগতে অন্য বিশেষ পেকেজ–ঘোষণাসমূহ চলি থাকিব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে চলিত বিত্তীয় বর্ষত কোনো নতুন আঁচনি তথা প্রকল্প অনুমোদনৰ বাবে অনুৰোধ প্রেৰণ নকৰিবলৈ সংশ্লিষ্ট মন্ত্রালয়সমূহক নির্দেশ দিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷ এই বিষয়ত ‘অফিচ মেম’ৰেণ্ডাম’খনত উল্লেখ কৰা হৈছে এইদৰে– ‘চলিত বিত্তীয় বর্ষত মন্ত্রালয়সমূহে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনা বা আত্মনির্ভৰ ভাৰত অভিযান আৰু অন্য কোনো বিশেষ পেকেজ–ঘোষণা বাদ দি নতুন আঁচনি তথা উপ–আঁচনিৰ প্রস্তাৱ প্রেৰণ নকৰিব৷ নীতিগত অনুমোদনৰ বাবে বিভিন্ন মন্ত্রালয়–বিভাগসম্ পৰা বহু প্রস্তাৱ লাভ কৰা হৈছে৷ ইয়াৰ প্রয়োজনীয়তা সম্পর্কত ব্যয় বিভাগে নতুন নির্দেশনা জাৰি কৰিব৷’ যদি তৎকালে কোনো প্রকল্প বা আঁচনিত অনুমোদনৰ প্রয়োজন হয়, সেই ক্ষেত্রত বিত্ত মন্ত্রালয়ৰ ব্যয় বিভাগৰ অনুমতি লৈহে আগবাঢ়িব লাগিব বুলিও কোৱা হৈছে৷ সেইদৰে যিবোৰ আঁচনিৰ কাম চলি আছে সেইবোৰৰ ক্ষেত্রতো কেন্দ্রীয় চৰকাৰে স্থিতি স্পষ্ট কৰি দিছে৷ এনে আঁচনিসমূহৰ কাম যোৱা জানুৱাৰী মাহত জাৰি কৰা নির্দেশনা অনুসৰি ৰূপায়ণ হ’ব লাগিব৷ যিটো নির্দেশনাযোগে কাম সম্পূর্ণ কৰাৰ সময়সীমা যোৱা ৩১ মার্চলৈকে অন্তর্ৱর্তীকালীনভাৱে বৃদ্ধি বা পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন কার্যকৰী হোৱা সময় (যিটো আগতে হয়)ৰ কথা উল্লেখ কৰা হৈছিল৷ এই একেটা নির্দেশনা অতিৰিক্ত ব্যয় ধার্য নোহোৱা তথা কোনোধৰণৰ পৰিৱর্তন নঘটা আঁচনিসমূহৰ ক্ষেত্রতো কার্যকৰী হ’ব৷ তদুপৰি এনে আঁচনিসমূহৰ কাম অব্যাহত ৰখা হ’ব নে নাই, সেয়া নির্ভৰ কৰিব পর্যালোচনাৰ সিদ্ধান্তৰ ওপৰতহে৷ বর্তমানে অব্যাহত থকা আঁচনিসমূহৰ ক্ষেত্রত ২০২১–২২ বিত্তীয় বর্ষৰ পৰা ২০২৫–২৬ বিত্তীয় বর্ষলৈ নতুন প্রস্তাৱ আৰু অনুমোদনৰ প্রয়োজন হ’ব৷ পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন আৰু ৰাজকোষৰ সম্পদৰ ওপৰত ভিত্তি কৰি এই আঁচনিসমূহৰ সন্দর্ভত লোৱা হ’ব সিদ্ধান্ত৷ উল্লেখ্য যে ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে যোৱা ২৪ মার্চৰ পৰা দেশত বলৱৎ হোৱা লকডাউনৰ পৰিপ্রেক্ষিতত কৃষি, উদ্যোগকে ধৰি দেশৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়োৱা প্রতিটো খণ্ডই স্থবিৰ হৈ পৰিছে৷ পৰিণতিত অভাৱনীয়ভাৱে হ্রাস পাইছে ৰাজহ সংগ্রহৰ হাৰ৷ মহা হিচাপ নিয়ন্ত্রক (চিজিএ)ৰ তথ্য অনুসৰি যোৱা এপ্রিল মাহত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ২৭,৫৪৮ কোটি টকা৷ যিটো বাজেট প্রাক্কলনৰ মাত্র ১.২ শতাংশ৷ ইয়াৰ তুলনাত চৰকাৰৰ খৰচৰ পৰিমাণ আছিল ৩.০৭ লাখ কোটি টকা৷ এই পৰিমাণ বাজেট প্রাক্কলনৰ ১০ শতাংশ৷ চিজিএৰ তথ্যৰ পৰা স্পষ্ট হৈছে যে চলিত বিত্তীয় বর্ষৰ বাবে ধার্য কৰা বার্ষিক ঘাটিৰ ইতিমধ্যে এক–তৃতীয়াংশ ঘাটিৰ সন্মুখীন হ’ব লগা হৈছে বিত্তীয় বর্ষটোৰ প্রথম মাহতে৷ অনাগত সময়ত দেশৰ অর্থনীতিক ধৰি ৰখাটো কেন্দ্রৰ বাবে কিমান ডাঙৰ প্রত্যাহ্বান হ’ব পাৰে, সেই কথা উপৰিউক্ত তথ্যসমূহৰ পৰাই অনুধাৱন কৰিব পাৰি৷ ইতিমধ্যে যোৱা মে’ মাহৰ আৰম্ভণিতে চৰকাৰে ঘোষণা কৰিছে যে বিত্তীয় সংকটৰ মোকাবিলা কৰিবলৈ চলিত বিত্তীয় বর্ষত পূর্বনির্ধাৰিত বজাৰ ঋণ ৪.২ লাখ কোটি টকাৰ পৰা ১২ লাখ কোটি টকালৈ বৃদ্ধি কৰিবলগীয়া হ’ব৷ Share