অসম বহিঃৰাজ্যৰ ট্রাকচালক–হেণ্ডিমেনৰ সংস্পর্শলৈ অহাসকলৰো হ’ব ক’ভিড টেষ্ট By নিয়মীয়া বাৰ্তা On Jun 6, 2020 Share নিয়মীয়া বাৰ্তা, ৬ জুনঃ ক’ভিড–১৯ৰ সামাজিক সংক্রমণ ৰোধৰ স্বার্থত এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা মালবাহী ট্রাকৰ চালক, হেণ্ডিমেনৰ সংস্পর্শলৈ অহা প্রতিজন শ্রমিক, মজদুৰ, গুদামৰ বনুৱাৰ ক’ভিডৰ পৰীক্ষা কৰিব চৰকাৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে তিনিচুকীয়াত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে৷ এই সম্পর্কত জিলা উপায়ুক্তসকলক নির্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ মন্ত্রী ড০ শর্মাই কয় যে বহিঃৰাজ্যৰ পৰা অহা ট্রাকৰ চালক–হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষা কৰিব নালাগে বুলি স্পষ্ট নির্দেশনা আছে৷ কোনো ৰাজ্যত ট্রাকসমূহ ৰৈ গ’লে দেশজুৰি অত্যাৱশ্যকীয় সামগ্রী সৰবৰাহত ব্যাঘাত জন্মিব পাৰে বুলি ভাৰত চৰকাৰে এই নির্দেশনা জাৰি কৰিছে৷ ৰাজ্য চৰকাৰেও তাৰ বাবেই বহিঃৰাজ্যৰ পৰা অহা ট্রাকৰ চালক–হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষা কৰাৰ পৰা ৰেহাই দি আহিছে৷ কিন্তু সেইসকল ট্রাক চালক–হেণ্ডিমেনৰ পৰা অসমত যাতে ক’ৰোনাৰ সংক্রমণ ঘটিবলৈ নাপায়, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সেই চালক–হেণ্ডিমেনৰ সংস্পর্শলৈ অহা শ্রমিক, মজদুৰ, গুদামৰ বনুৱা আদিকে ধৰি সকলোৰে ক’ভিড–১৯ৰ পৰীক্ষা কৰিবলৈ জিলা উপায়ুক্তসকলক নির্দেশ দিছে৷ আনহাতে মন্ত্রী ড০ শর্মাই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসাৰ সকলো দিশৰ বুজ লোৱাৰ লগতে জিলা প্রশাসন আৰু চিকিৎসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে তিনিচুকীয়া জিলাত এইপর্যন্ত ১৩,৫০০গৰাকী লোক কোৱাৰেণ্টাইনত আছে৷ জিলাখনৰ প্রায় ২০ হাজাৰ লোক বহিঃৰাজ্যত আছে যদিও নিতৌ বাছ, ৰে’ল আদিৰে গড়ে ৩০০কৈ লোক আহি আছে৷ তেনেদৰে চাৰি হাজাৰ লোক এতিয়ালৈ আহি পাইছে৷ বাকী থকা প্রায় ১৬ হাজাৰ লোক বহিঃৰাজ্যৰ পৰা অহা ৩০ জুনৰ ভিতৰত আহি পাব বুলি আশা কৰা হৈছে৷ এইসকল লোকক কোৱাৰেণ্টাইন কৰাৰ লগতে ক’ৰোনা পজিটিভ লোকৰ চিকিৎসাৰ বাবে জিলা প্রশাসনক সাজু হ’বলৈ নির্দেশ দিয়া হৈছে৷ DR. HIMANTA BISWA SARMAFeatured Share