হাস্পতালত মৃত্যুৰে যুঁজিছে নগেন বিশ্বাসে
নিয়মীয়া বাৰ্তা ৮ জুনঃ যোৱা ৩১ মে’ত পানীখাইতীত তীব্রবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা নগেন বিশ্বাস নামৰ শিক্ষকজন সম্প্রতি মৃত্যুৰ সৈতে যুঁজি আছে মহানগৰীৰ জি এন আৰ চি হাস্পতালত৷ বিনাবেতনে কর্মৰত ভেন্সাৰ স্কুলৰ শিক্ষকজন দুর্ঘটনা সংঘটিত হোৱাৰে পৰা আজিলৈকে ভেণ্টিলেচনত থাকিব লগা হোৱাত বৃহৎ পৰিমাণৰ ধন হাস্পতাল কর্তৃপক্ষক দিবলগীয়া হৈছে৷ কিন্তু বাতৰি লিখা পৰলৈকে চেতনা ঘূৰি অহা নাই শিক্ষকজনৰ৷ আচৰিত কথা যে দুর্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক অথবা স্বত্বাধিকাৰীয়ে এইপর্যন্ত শিক্ষকগৰাকীৰ কোনোধৰণৰ খা–খবৰ কৰা নাই৷ আনকি চিকিৎসা ব্যয় বহনৰো ব্যৱস্থা কৰা নাই তেওঁলোকে৷ উল্লেখ্য যে ৩১ মে’ৰ বিয়লি প্রায় ৫.৩০ বজাত পানীখাইতী ৰে’লগেট বজাৰৰ পৰা বাসভৱনলৈ উভতি অহাৰ সময়ত চন্দ্রপুৰৰ পৰা নাৰেংগী অভিমুখে তীব্রবেগত গৈ থকা এ এছ ০১ ই ই–৫০২৮ নম্বৰৰ বিলাসী বাহনখনে পথচাৰী শিক্ষকজনক খুন্দা মাৰি পলায়ন কৰে৷ মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাত পোৱা শিক্ষকজনক লগে লগে জি এন আৰ চিত ভর্তি কৰায় ৰাইজে৷ কিন্তু আজি পর্যন্ত সংকটজনক হৈ থকা শিক্ষকগৰাকীৰ খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী৷ ইপিনে দৰিদ্র পৰিয়ালটোক অর্থৰ অভাৱে সম্প্রতি হতাশগ্রস্ত কৰাৰ পৰিপ্রেক্ষিতত মানৱীয় সহানুভূতি নথকা হিমাক্ষী কলিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ বাবে দাবী জনাইছে ৰাইজে৷ উল্লেখ্য যে দুর্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখন স্বত্বাধিকাৰী হিমাক্ষী কলিতাসহ নাৰেংগীত জব্দ কৰিছিল আৰক্ষীয়ে৷