নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বিৰুদ্ধে ৮ শক্তিশালী ৰাষ্ট্রৰ ঐক্যবদ্ধ মঞ্চ

নিয়মীয়া বাৰ্তা ৮ জুনঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিশ্বজুৰি বিস্তাৰক কেন্দ্র কৰি চীনৰ বিৰুদ্ধে বহু দেশে অভিযোগ উত্থাপন কৰি অহাৰ সময়তে আঠখন শক্তিশালী ৰাষ্ট্রৰ সাংসদসকলে চীনক প্রত্যাহ্বান জনোৱাৰ এক ঐক্যবদ্ধ মঞ্চ গঢ়ি তুলিছে৷ এই আন্তঃসংসদীয় মঞ্চ গঠন কৰা হৈছে আমেৰিকা, জার্মানী, ব্রিটেইন, জাপান, অষ্ট্রেলিয়া, কানাডা, ছুইডেন আৰু নৰৱেৰ সাংসদসকলক লৈ৷ ইয়াৰ উপৰি ইউৰোপীয় সংসদৰ অভ্যন্তৰত থকা বিভিন্ন দেশৰ সাংসদেও এই ঐক্যবদ্ধ মঞ্চলৈ সমর্থন জনাইছে৷ এই আন্তঃসংসদীয় সহযোগিতা সংস্থাত আছে শক্তিশালী দেশকেইখনৰ জ্যেষ্ঠ সাংসদসকল৷ সাংসদসকলৰ ঐক্যবদ্ধ এই ৮ দেশীয় মঞ্চ গঠন হোৱাৰ পিছতে বিশ্ব বাণিজ্য, নিৰাপত্তা তথা মানৱ অধিকাৰৰ প্রতি চীনে ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ কৰা হৈছে৷ লক্ষণীয়ভাৱে বিশ্বজুৰি চীনৰ অর্থনৈতিক আৰু কূটনৈতিক প্রভাৱক প্রত্যাহ্বান জনাবলৈ ইতিমধ্যে হোৱাইট হাউছে নিজাববীয়াকৈ বিভিন্ন কৌশল আৰম্ভ কৰি দিছে৷ ইয়াৰ মাজতে ব্রিটেইনত ৮খন শক্তিশালী ৰাষ্ট্রৰ এই সংস্থাটোৱে মুকলিভাৱে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এয়া স্পষ্ট কৰি দিলে যে বেইজিং প্রশাসনৰ বিশ্বজুৰি অর্থনীতি আৰু কূটনীতিত প্রভাৱ বিস্তাৰ হোৱা বিষয়টোক লৈ এই দেশবোৰ আতংকিত হৈছে৷ বিশেষকৈ ভৱিষ্যতে চীনে বিশ্ব বাণিজ্যত আধিপত্য একচেটিয়া কৰিব পাৰে বুলি শংকা প্রকাশ কৰিছে ইউৰোপ আৰু আমেৰিকাই৷ গতিকে চীনক যিকোনো প্রকাৰে প্রতিৰোধ কৰাৰ বাবে এই দেশবোৰে আৰম্ভ কৰিছে কুচকাৱাজ৷

You might also like