নিয়মীয়া বাৰ্তা ৮ জুনঃ প্রব্রজিত শ্রমিকক বিভিন্ন ধৰণে সহায় কৰি মহাৰাষ্ট্রৰ শাসকীয় দল শিৱসেনাৰ দ্বাৰা সমালোচিত হৈছে বলীউডৰ অভিনেতা ছনু ছুড৷ অভিনেতাগৰাকীয়ে প্রব্রজিত শ্রমিকসকলক সহায় কৰা কার্যক কটাক্ষ কৰি শিৱসেনাৰ নেতা সঞ্চয় ৰাউটে উল্লেখ কৰিছে যে শীঘ্রে অভিনেতা ছনুৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীক লগ কৰি মুম্বাইৰ চেলিব্রিটী মেনেজাৰ পদত অধিষ্ঠিত হ’ব৷ শিৱসেনাৰ মুখপত্র ‘সামনা’ৰ সম্পাদকীয় স্তম্ভত এইদৰে বলীউডৰ জনপ্রিয় অভিনেতাগৰাকীক কটাক্ষ কৰিছে দলটোৰ সাংসদ ৰাউটে৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্রত আবদ্ধ হৈ থকা কেইবালাখো শ্রমিকক গৃহভূমিলৈ উভতি যোৱাৰ ক্ষেত্রত সহায় কৰা বুলি ছনু ছুডক লৈ সংবাদ মাধ্যমত প্রতিবেদন প্রকাশ পাইছিল৷ ক’ভিড–১৯ লকডাউনৰ বাবে যন্ত্রণাৰ সন্মুখীন হোৱা শ্রমিকসকলক সহায় কৰা বিষয়টোক ব্যংগ কৰি শিৱসেনাই অভিনেতাগৰাকীক ‘মহাত্মা ছনু’ বুলিও আখ্যা দিছে৷ স্মর্তব্য যে মহাৰাষ্ট্রত প্রব্রজিত শ্রমিকৰ সমস্যাৰ বিষয়টোৱে লকডাউনৰ সময়ছোৱাত সংবাদ মাধ্যমত বিশেষ গুৰুত্ব লাভ কৰিছে।