চীনে মানৱ শৰীৰত পৰীক্ষা চলাব ক’ৰোনা প্রতিৰোধী দৰবৰ
নিয়মীয়া বাৰ্তা ৮ জুনঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ প্রতিৰোধী দৰবৰ পৰীক্ষা মানৱ দেহত চলোৱাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে চীনৰ ছাংহাই জান্সি বায়’ছায়েন্সে৷ এই দৰববিধৰ নাম হৈছে জেএছ০১৬৷ বছৰটোৰ দ্বিতীয় ষাণ্মাসিকত ইয়াৰ পৰীক্ষা আমেৰিকাতো চলোৱা হ’ব বুলি চীনা সংস্থাটোৱে সদৰী কৰিছে৷ আমেৰিকাত এলি লিলি এণ্ড কোম্পানীৰ সহযোগত ইয়াৰ পৰীক্ষা চলোৱা হ’ব বুলি চীনা সংবাদ পত্র ‘লিবাৰেচন ডেইলী’–এ সদৰী কৰিছে৷ স্মর্তব্য যে বিশ্বজুৰি ৪ লাখ লোক মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ মৃত্যুমুখত পৰা সত্ত্বেও কোনো দেশে ক’ৰোনা প্রতিৰোধী টিকা উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু বিশ্বৰ প্রতিখন দেশতেই এই মাৰাত্মক ভাইৰাছবিধৰ প্রতিষেধক টিকা উদ্ভাৱনৰ পৰীক্ষা চলি আছে৷ আনকি কেইবাখনো দেশে ইতিমধ্যে ইয়াৰ প্রাৰম্ভিক পৰীক্ষা চলাই কিছু ক্ষেত্রত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলিও দাবী কৰিছে৷