নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ দিন পিছত কুঁৱাৰ পৰা জীৱন্তে উদ্ধাৰ ব্রিটিছ পর্যটকক

নিয়মীয়া বাৰ্তা ৯ জুনঃ  ইণ্ডোনেছিয়াৰ পর্যটন দ্বীপ বালিৰ এটা কুঁৱাৰ পৰা ছদিন পিছত এজন ব্রিটিছ নাগৰিকক জীৱন্তে উদ্ধাৰ কৰা ঘটনাক লৈ দেশখনৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ জেকব ৰবার্টছ নামৰ ২৯ বছৰীয়া ব্রিটিছ পর্যটকগৰাকীয়ে এটা কুকুৰৰ আক্রমণৰ পৰা পৰিত্রাণ পাবলৈ পলায়ন কৰিছিল৷ প্রাণটাঁকি দৌৰি যোৱা পর্যটকগৰাকী প্রায় ৫ মিটাৰ গভীৰ কুঁৱা এটাত পৰি গৈছিল৷ কিন্তু কোনো লোকৰে দৃষ্টিগোচৰ হোৱা নাছিল এই ঘটনা৷ বালিৰ পেকাটু নামৰ গাঁওখনত এই ঘটনা সংঘটিত হৈছে৷ ছদিন পিছত ৰবার্টছৰ আর্ত চিৎকাৰ শুনিবলৈ পায় অঞ্চলটোত পশুক খাদ্য দিবলৈ যোৱা এজন গঞাই৷ লগে লগে পর্যটক ৰবার্টছক উদ্ধাৰৰ ব্যৱস্থা কৰা হয়৷ স্মর্তব্য যে এই ঘটনাত ৰবার্টছৰ এখন ভৰি ভাগি গৈছে যদিও শেহতীয়াকৈ হাস্পতালত চিকিৎসা গ্রহণ কৰি আছে৷ চিকিৎসকে ৰবার্টছ বিপদমুক্ত বুলিও ঘোষণা কৰিছে৷ ‘বালি ছান’ নামৰ কাকতখনে এই ঘটনাৰ সবিশেষ প্রকাশ কৰাৰ পিছতে বিষয়টোক লৈ সমগ্র ইণ্ডোনেছিয়াত সৃষ্টি হৈছে আলোড়ন৷ স্মর্তব্য যে বালিৰ পেকাটু গাঁও হৈছে এক জনপ্রিয় পর্যটনস্থলী৷

You might also like