নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যাই অতিক্রম কৰিলে ১ লাখ

নিয়মীয়া বাৰ্তা ৯ জুনঃ প্রতিবেশী ৰাষ্ট্র পাকিস্তানত ঘাতক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত সংক্রমিত লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ বিগত ১০ দিনত দেশখনত অতি দ্রুতগতিত ক’ৰোনাৰ সংক্রমণ ঘটা বুলি ইছলামাবাদ প্রশাসনে ঘোষণা কৰিছে৷ চৰকাৰী পৰিসংখ্যা অনুসৰি, এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈ দেশখনত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২০৬৭গৰাকীলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশখনত সংক্রমিত হৈছে ৪,৭২৮গৰাকী লোক৷ ইয়াকে লৈ মুঠ সংক্রমিত লোকৰ সংখ্যা ১,০৩,৬৭১লৈ বৃদ্ধি পাইছে৷ ইফালে, দেশখনৰ প্রাক্তন প্রধানমন্ত্রী তথা পাকিস্তান মুছলিম লীগ–নৱাজ (পিএমএল–এন)ৰ নেতা শ্বহীদ খকন আব্বাছি এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷

You might also like