নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াই টেষ্ট ক্রিকেট খেলাৰ ইচ্ছা নাই য়ুজবেন্দ্র ছাহালৰ

নিয়মীয়া বাৰ্তা ৯ জুনঃ  মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো অন্য খেলৰ লগতে ক্রিকেট প্রতিযোগিতাসমূহো সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ ক্রিকেটাৰসকলে নিজকে ফিট ৰখাৰ বাবে ঘৰতে বিভিন্ন পন্থা অৱলম্বন কৰি আছে যদিও তেওঁলোকে অচিৰেই ক্রিকেটলৈ ঘূৰি অহাৰ বাবে অধীৰ আগ্রহেৰে বাট চাই আছে৷ ইয়াৰ ব্যতিক্রম নহয় টীম ইণ্ডিয়াৰ তাৰকা স্পিনাৰ য়ুজবেন্দ্র ছাহালো৷ স্পিনাৰগৰাকীয়ে ক্রিকেটলৈ প্রত্যাৱর্তন কৰা বাবে উদগ্রীৱ হৈ আছে বুলি উল্লেখ কৰিছে৷ সম্প্রতি ঘৰতে আবদ্ধ হৈ থকা ক্রিকেটাৰগৰাকীয়ে সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত কয় যে টেষ্ট ক্রিকেটত এতিয়াও তেওঁ অভিষেক ঘটোৱাৰ চিন্তা–চর্চা কৰা নাই৷ টেষ্ট ক্রিকেট সবাতোকৈ প্রত্যাহ্বানমূলক ফর্মেট বুলি উল্লেখ কৰি ছাহালে কয় যে টেষ্ট ক্রিকেটত খেলুৱৈসকল অগ্ণি পৰীক্ষাৰ সন্মুখীন হয়৷ ভাৰতীয় দলৰ হৈ টেষ্ট ক্রিকেট খেলাৰ ইচ্ছা আছে যদিও বর্তমান ঘৰুৱা ক্রিকেটত ৰঙা বলেৰে খেলি নিজকে সাজু কৰি তোলাত অধিক মনোনিৱেশ কৰিব বিচাৰোঁ৷ ইয়াৰ পাছতহে টীম ইণ্ডিয়াৰ হৈ টেষ্ট ক্রিকেট খেলা সন্দর্ভত বিবেচনা কৰিব বুলি উল্লেখ কৰি স্পিনাৰগৰাকীয়ে লগতে কয় যে বর্তমান সময়ত মই টেষ্ট ক্রিকেট খেলাৰ বাবে সাজু নহয়৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ঘৰতে আবদ্ধ হৈ থকা ছাহালে ঘৰতে শাৰীৰিক অনুশীলনত ব্যস্ত থকাৰ লগতে অনলাইনত নৃত্যও শিকিছে৷

You might also like