নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ! একেটা পৰিয়ালৰে ২৬ জনৰ দেহত ক’ৰোনা; হাস্পতালত ভৰ্তি

নিয়মীয়া বাৰ্তা, ৯ জুনঃ ৰাজস্থানত দৈনিক বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা । ইয়াৰ সমান্তৰালকৈ ৰাজধানী জয়পুৰত পোহৰলৈ আহিছে এক উদ্বেগজনক ঘটনা । জয়পুৰৰ সুভাষ চকত আজি পুৱা একে পৰিয়ালৰ ২৬ গৰাকী সদস্যৰ দেহত ক’ৰোনা পজিটিভ পোৱা বুলি পোহৰলৈ আহে ।

৭ দিন পূৰ্বে পোৱা গৈছিল প্ৰথমজন আক্ৰান্ত লোক-

জয়পুৰৰ CMHO হাস্পতালৰ চিকিৎসক নৰোত্তম শৰ্মাই কয়- সাত দিন পূৰ্বে সেই স্থানত এজন লোকৰ দেহত ক’ৰোনাৰ অৱস্থিতি পোৱা গৈছিল । আমি তাক আইছ’লেট কৰিছিলো আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰে নমুনা পৰীক্ষা কৰা হৈছিল । ইপিনে সোমবাৰে এই পৰিয়ালটোৰ সকলো সদস্যৰে ক’ভিড টেষ্টৰ ফলাফল আহে । য’ত সকলো সদস্যৰে ক’ৰোনা পজিটিভ পোৱা যায় । বৰ্তমান পৰিয়ালটোৰ সদস্যকেই হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

You might also like