গোপাল বড়ো উচ্চতৰ মাধ্যমিকৰ ভূমিত স্থাপন নহয় পার্কিংঃ জিএমডিএ
নিয়মীয়া বাৰ্তা ১০ জুনঃ ঐতিহ্যমণ্ডিত গোপাল বড়ো স্কুলৰ ভূমিত বহুমহলীয়া পার্কিং স্থাপনৰ বাবে পত্র প্রেৰণ কৰাৰ কথা স্বীকাৰ কৰিলে জিএমডিএ কর্তৃপক্ষই৷ মঙলবাৰে এক প্রেছ বিজ্ঞপ্তিত জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়াই গণেশগুৰি অঞ্চলত যানজঁট কম কৰিবৰ বাবে গোপাল বড়ো হাইস্কুলৰ সমীপৱর্তী দুই বিঘা খালী মাটি বহুদিন ধৰি অব্যৱহৃত হৈ থকাৰ তথ্য লাভ কৰি পার্কিং নির্মাণৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ পত্র প্রেৰণ কৰাৰ কথা স্পষ্ট কৰি দিয়ে৷ বিজ্ঞপ্তিটোত মুখ্য কার্যবাহী বিষয়াগৰাকীয়ে কয় যে যদিহে উক্ত স্থান গোপাল বড়ো হাইস্কুলৰ ভূমি হয় আৰু বিদ্যালয়ৰ ভৱিষ্যৎ সামগ্রিক উন্নয়নৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে, তেন্তে গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই উক্ত স্থানত কোনো ধৰণৰ প্রকল্প নির্মাণৰ পৰিকল্পনা নকৰে৷ লগতে মহানগৰীখনৰ সামগ্রিক উন্নয়নৰ বাবে জি এম ডি এৰ কর্তৃপক্ষ সদায় দায়বদ্ধ।