নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ আয়োজনৰ সিদ্ধান্ত গ্রহণত পুনৰ বিলম্ব আইচিচিৰ

চূড়ান্ত সিদ্ধান্ত গ্রহণৰ বাবে জুলাইত পুনৰ বহিব আলোচনাত

নিয়মীয়া বাৰ্তা, ১১ জুনঃ অষ্ট্রেলিয়াত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰ মাহত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন আয়োজনৰ চূড়ান্ত সিদ্ধান্ত গ্রহণত উপনীত হোৱাত ব্যর্থ হয় বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচি৷ চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে অষ্ট্রেলিয়াত হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনক লৈ অনিশ্চয়তা আহি পৰিছে৷ প্রতিযোগিতাখন নির্ধাৰিত সময়সূচী মতে আয়োজন কৰাৰ ক্ষেত্রত আহি পৰা বাধা আঁতৰোৱাৰ বাবে আজি আইচিচিয়ে ভিডি’ কনফাৰেঞ্চিঙৰ যোগেদি বিভিন্ন দেশৰ আগশাৰীৰ বিষয়ববীয়াৰ সৈতে বৈঠকত ভাগ লয় যদিও চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে৷ বিগত মাহতো আইচিচিয়ে টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ সন্দর্ভত ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠকত মিলিত হৈছিল যদিও গোপনীয়তাৰ খাতিৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছিল আৰু এই বিষয়টো সন্দর্ভত আলোচনা কৰাৰ বাবে আজিৰ দিনটো ধার্য কৰিছিল যদিও আজিও টি–২০ বিশ্বকাপখন আয়োজনৰ সন্দর্ভত চূড়ান্ত পর্যায়ত উপনীত হ’ব নোৱাৰিলে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ এই বিষয়টোৰ ওপৰত অহা মাহত পুনৰ আলোচনা হ’ব বুলি আইচিচিৰ এক সূত্রত সদৰী৷ আইচিচিয়ে টি–২০ বিশ্বকাপখনৰ আয়োজনৰ ক্ষেত্রত চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব নোৱাৰাত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজনক লৈও অনিশ্চয়তা আহি পৰিছে৷ আজিৰ বৈঠকত বিশ্বকাপখনৰ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত হোৱাৰ পিছতহে আইপিএলখন আয়োজনৰ ক্ষেত্রত চূড়ান্ত সিদ্ধান্ত ল’ব পাৰিব বুলি আশা ব্যক্ত কৰিছিল বিচিচিআয়ে৷

You might also like