নিয়মীয়া বাৰ্তা, ১১ জুনঃ এছিয়া কাপ–২০২০ ক্রিকেট প্রতিযোগিতাখন পাকিস্তানৰ পৰিৱর্তে শ্রীলংকাত অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ মহামাৰী ক’ৰোনা ভাইৰাছে পাকিস্তানত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত পাকিস্তানে এছিয়া কাপ ক্রিকেট প্রতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্রত অপাৰগতা প্রকাশ কৰিছে আৰু এই প্রতিযোগিতাখন শ্রীলংকাত আয়োজন কৰাৰ বাবে অনুৰোধ জনাইছে বুলি শ্রীলংকান ক্রিকেট ব’র্ডে সদৰী কৰিছে৷ চলিত বর্ষৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাখন পাকিস্তানত আয়োজন সন্দর্ভত সোমবাৰে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এছিয়া ক্রিকেট পৰিষদে এক বৈঠকত অংশ লৈছিল যদিও ইয়াৰ চূড়ান্ত মীমাংসা নহ’ল৷ বৈঠকখনত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এইবুলি স্পষ্ট কৰি দিছিল যে এছিয়া কাপখন পাকিস্তানত অনুষ্ঠিত হ’লে টীম ইণ্ডিয়াই অংশগ্রহণ নকৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত পাকিস্তান ক্রিকেট ব’র্ডে শ্রীলংকাত এছিয়া কাপ প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে আহ্বান জনায় বুলি উল্লেখ কৰি এছিয়া ক্রিকেট পৰিষদৰ অধ্যক্ষ ছামী ছিলভাই কয় যে বর্তমান দেশৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পিচিবিয়ে প্রতিযোগিতাখন শ্রীলংকাত আয়োজন কৰিবলৈ অনুৰোধ জনায়৷ অৱশ্যে এছিয়া কাপখন আয়োজনৰ ক্ষেত্রত শ্রীলংকাই এতিয়ালৈকে কোনো স্পষ্ট মতামত দাঙি ধৰা নাই৷