পঞ্জাবত পুনৰ বলৱৎ কৰা হ’ব কঠোৰ লকডাউন
নিয়মীয়া বাৰ্তা ১৩ জুনঃ প্রাণঘাতী ক’ভিড–১৯ৰ দ্রুত বিস্তাৰত প্রতিৰোধ লগাবলৈ পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে ৰাজ্যখনত আগন্তুক কেইবাটাও সপ্তাহ কঠোৰ লকডাউন বলৱৎ হ’ব বুলি ঘোষণা কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে বৃদ্ধি কৰা হ’ব ৰাজহুৱা বন্ধ৷ ইফালে দিল্লীৰ পৰা ৰাজ্যখনত প্রৱেশ কৰা সকলো লোকে ক’ভিড–১৯ৰ পৰীক্ষা কৰাৰ প্রমাণ–পত্র দেখুৱাব লাগিব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ মুখ্যমন্ত্রীগৰাকীৰ মতে ক’ভিড–১৯এ এতিয়াও শিখৰ স্পর্শ কৰা নাই পঞ্জাবত৷ গতিকে ইয়াক প্রতিৰোধৰ বাবে কঠোৰ লকডাউনৰ গত্যন্তৰ নাই বুলিও স্পষ্ট কৰিছে মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে।