দিল্লী চৰকাৰৰ কার্যত ক্ষুব্ধ উচ্চতম ন্যায়ালয়
নিয়মীয়া বাৰ্তা ১৩ জুনঃ দেশৰ ৰাজধানী নতুন দিল্লীত ক’ভিড–১৯ ৰোগীৰ প্রতি চৰকাৰৰ ব্যৱহাৰে মানৱতাৰ চৰম সীমা অতিক্রম কৰিছে৷ ক’ভিড–১৯ ৰোগীৰ প্রতি দিল্লীত প্রয়োজনীয় চিকিৎসা তথা মানৱীয় আচৰণ প্রদর্শন কৰা হোৱা নাই৷ শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰক এই বিষয়টোক লৈ কঠোৰ সমালোচনা কৰিছে৷ ৰাজধানী মহানগৰীখনত ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ দ্রুত সংক্রমণৰ সময়তে উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত ৰোগীসকলক পশুতকৈও বেয়া ব্যৱহাৰ কৰা হৈছে৷ লক্ষণীয়ভাৱে শীর্ষ আদালতখনে ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোক এজনৰ মৃতদেহ ডাষ্টবিনৰ আৱর্জনাৰ মাজত উদ্ধাৰ হোৱা বুলিও উল্লেখ কৰিছে৷ ক’ভিড–১৯ ৰোগীসকলে মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়তো স্বাস্থ্যকর্মীয়ে তেওঁলোকৰ প্রতি কোনোধৰণৰ গুৰুত্ব প্রদান নকৰা বুলি ক্ষোভ উজাৰি দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পৰা শীর্ষ আদালতখনে স্পষ্টীকৰণ বিচাৰিছে৷
স্মর্তব্য যে দিল্লীত ক’ভিড–১৯ৰ পৰীক্ষা চেন্নাই আৰু মুম্বাইতকৈ কিয় কমকৈ কৰা হৈছে, তাক লৈও প্রশ্ণৰ অৱতাৰণা কৰিছে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে ৰাজধানী দিল্লীত অধিকসংখ্যক লোকৰ ক’ভিড–১৯ পৰীক্ষা চলাব লাগে বুলিও দাবী কৰিছে৷ কোনো কাৰিকৰী কাৰণৰ বাবে ক’ভিড–১৯ৰ পৰীক্ষাৰ পৰা জনসাধাৰণ বঞ্চিত হোৱা উচিত নহয় বুলি যুক্তি দর্শাইছে বিচাৰপীঠখনে৷ লক্ষণীয়ভাৱে দিল্লীৰ লোকনায়ক জয়প্রকাশ হাস্পতাল কর্তৃপক্ষক এই বিষয়টো সন্দর্ভত উত্তৰ দিবলৈ শীর্ষ আদালতখনে জাননী জাৰি কৰিছে৷ দিল্লীত এই বাতৰি যুগুতোৱাৰ পৰলৈ ক’ভিড–১৯ত আক্রান্ত হৈছে ৩৪,৬৮৭গৰাকী লোক৷ ইতিমধ্যে কেন্দ্রীয়শাসিত ৰাজ্যখনত মাৰাত্মক ভাইৰাছবিধত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১,০৮৫গৰাকী লোকে৷