নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ ছেপ্টেম্বৰৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ

৩৬ দিনত হ’ব ৬০খন মেচঃ পাঁচটা স্থানত প্রতিদিনে দুখনকৈ মেচ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো৷

অৱশ্যে বি চি চি আইৰ এই প্রতিযোগিতাখন অহা ২৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সংবাদ প্রতিষ্ঠানৰ সূত্রত প্রকাশ যে প্রতিযোগিতাখন ৩০ অক্টোবৰলৈকে অনুষ্ঠিত হ’ব৷ ৩৬ দিন ধৰি চলিবলগীয়া প্রতিযোগিতাখনত মুঠ ৬০খন মেচ অনুষ্ঠিত হ’ব আৰু পাঁচখন চহৰত প্রতিদিনে দুখনকৈ মেচ খেলোৱা হ’ব৷

এইবাৰৰ প্রতিযোগিতাখনত হোম আৰু এৱে পদ্ধতিত খেলোৱা নহ’ব৷ এতিয়ালৈকে হৈ যোৱা আই পি এলৰ সংস্কৰণকেইটাত শনি আৰু দেওবাৰে দুখনকৈ মেচ খেলোৱা হৈছিল যদিও এইবাৰ আন দিনতো দুখনকৈ মেচ অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ আনহাতে, পূর্বৰ দৰে প্লে’ অফত কোৱালিফায়াৰ–১, এলিমিনেটৰ আৰু কোৱালিফায়াৰ–২ নাথাকিব৷ এইবাৰ শীর্ষ চাৰিটা দলৰ মাজত ছেমিফাইনেল অনুষ্ঠিত হ’ব বুলি সংবাদ প্রতিষ্ঠানৰ সূত্রত সদৰী৷

আই পি এলৰ ত্রয়োদশ সংস্কৰণটো আয়োজনৰ বাবে বি চি চি আয়ে বিভিন্ন পন্থাৰ চিন্তা কৰিছে যদিও আই চি চি টি–২০ বিশ্বকাপখনে বি চি চি আইৰ আশাত চেঁচাপানী ঢলাৰ সম্ভাৱনা আছে৷ কিয়নো, অক্টোবৰ–নৱেম্বৰ মাহত অষ্ট্রেলিয়াত হ’বলগীয়া টি–২০ বিশ্বকাপখন আয়োজন কৰাৰ বাবে অষ্ট্রেলিয়ায়ো বিভিন্ন পন্থা হাতত লৈছে৷ যদি অক্টোবৰ–নৱেম্বৰ মাহত টি–২০ বিশ্বকাপখন অনুষ্ঠিত হয়, তেতিয়াহ’লে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন এইবাৰ বাতিল হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

ইফালে, ভাৰতত ক’ৰোনাৰ আতংক হ্রাস নাপালে আই পি এলৰ ত্রয়োদশ সংস্কৰণটো দেশৰ বাহিৰতো আয়োজনৰ চিন্তা–চর্চা কৰিছে বি চি চি আয়ে৷ অৱশ্যে বিদেশত প্রতিযোগিতাখন অনুষ্ঠিত হ’লেও ষ্টেডিয়ামত দেখা পোৱা নাযাব অনুৰাগীক৷ ইতিমধ্যে আই পি এলৰ ত্রয়োদশ সংস্কৰণটো আয়োজনৰ বাবে শ্রীলংকা, সংযুক্ত আৰব আমীৰ শ্বাহীৰ পিছত এইবাৰ নিউজিলেণ্ডেও ইচ্ছা প্রকাশ কৰিছে বুলি সংবাদ প্রতিষ্ঠানৰ সূত্রত প্রকাশ৷

You might also like