লা লিগাত ৰিয়েল মাদ্রিদৰ জয়লাভ
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ বার্চিলোনাৰ পিছত ৰিয়েল মাদ্রিদেও স্পেনিছ লা লিগাত সফল প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হৈছে৷
মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে পুনৰ আৰম্ভ হোৱা প্রতিযোগিতাখনৰ দেওবাৰে মাদ্রিদৰ এষ্টাডি’ আলফ্রেডো ডি ষ্টেফানো ষ্টেডিয়ামত অনুষ্ঠিত উত্তেজনাপূর্ণ মেচখনত ৰিয়েল মাদ্রিদে আইবাৰক ৩–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷
বিজয়ী দলটোৰ হৈ ট’নী ক্রুছে খেলৰ ৪ মিনিটত প্রথমটো গ’ল স্ক’ৰ কৰাৰ পিছত ৩০ মিনিটত ছার্গি’ ৰাম’ছ আৰু ৩৭ মিনিটত মার্শ্বেলোৱে গ’ল স্ক’ৰ কৰি ৰিয়েল মাদ্রিদক ৩–০ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷
অৱশ্যে দ্বিতীয়ার্ধত বিপক্ষ দলটোৰ পেড্র’ বিগাছে এটা গ’ল পৰিশোধ কৰিবলৈ সক্ষম হয়৷ ৬০ মিনিটত পেড্র’ৱে দলটোৰ হৈ গ’লটো স্ক’ৰ কৰে৷