লাডাখত ভাৰত–চীনৰ সামৰিক আলোচনা অব্যাহত
নিয়মীয়া বাৰ্তা ১৬ জুনঃ দীর্ঘদিনীয়া বিতর্কৰ সমাধান বিচাৰি ভাৰত আৰু চীনে ইষ্টার্ন লাডাখত শেহতীয়াকৈ আৰম্ভ কৰা আলোচনা প্রক্রিয়া অব্যাহত আছে৷ গালৱান ভেলী আৰু হট স্প্রিংছ অঞ্চলত আয়োজিত এই আলোচনা ইতিবাচক দিশত আবাঢ়িছে৷ ভাৰতীয় সেনাৰ এক সূত্রই সোমবাৰে এই কথা প্রকাশ কৰে৷ ‘দুয়োপক্ষৰ মাজত অব্যাহত থকা ব্রিগেড কমাণ্ডাৰ আৰু বেটেলিয়ন কমাণ্ডাৰ পর্যায়ৰ বৈঠকৰ পিছত ভাৰত আৰু চীনৰ মাজত উত্তেজনা ক্রমাৎ হ্রাস পাইছে৷ শেহতীয়াকৈ দুয়োখন দেশে নিজৰ নিজৰ সেনাদল নিয়োগ কৰাৰ পৰা আঁতৰি আছে৷’ ভাৰতীয় সেনাৰ সূত্রটোৱে এইদৰে কয়৷ উল্লেখ্য যে ভাৰত আৰু চীনৰ মাজত যোৱা কিছুদিনৰ পৰা উত্তেজনা বৃদ্ধি পোৱা দেখা গৈছিল৷ লাডাখত চীনে বৃহৎ অস্ত্র–শস্ত্রৰে সমৃদ্ধ সৈন্যবাহিনীৰ দল নিয়োগ কৰি ভাৰতক যুদ্ধৰ ভাবুকি দিছিল৷ ইয়াৰ প্রত্যুত্তৰত ভাৰতেও লাডাখৰ গালৱান ভেলী, পি পি–১৫ আৰু হটস্প্রিংছ অঞ্চলত সেনাবাহিনী নিয়োগ কৰে৷ নিশ্চিত যুদ্ধৰ পৰিৱেশ সৃষ্টিৰ সময়তে দুয়োখন দেশে যোৱা ৬ জুনত মিলিটাৰী কমাণ্ডাৰৰ মাজত আলোচনা আৰম্ভ কৰে৷ ইয়াৰ পিছতে চীনৰ আগ্রাসী মনোভাব কিছু সলনি হোৱা দেখা গৈছে৷