৮৬ দিনৰ মূৰত মুম্বাইত স্থানীয় ৰে’লসেৱা আৰম্ভ
নিয়মীয়া বাৰ্তা ১৬ জুনঃ মহানগৰী মুম্বাইৰ লাইফ লাইন হিচাপে চিহ্ণিত স্থানীয় ৰে’লসেৱা পুনৰ আৰম্ভ হৈছে৷ ৮৬ দিনৰ মূৰত আৰম্ভ হোৱা স্থানীয় ৰে’লসেৱাত অৱশ্যে জৰুৰী সেৱাৰ সৈতে জড়িত ব্যক্তিসকলকহে যাত্রাৰ অনুমতি দিয়া হৈছে৷ প্রথমখন স্থানীয় ৰে’লে সোমবাৰে পুৱা ৫.৩০ বজাত যাত্রা আৰম্ভ কৰে৷ সোমবাৰে দিনটোত মুম্বাইৰ মধ্য ৰে’লৱেৰ ২০০খন আৰু পশ্চিম ৰে’লৱেৰ ১২০খন স্থানীয় ৰে’লে যাত্রীক সেৱা আগবঢ়ায়৷ মহামাৰীৰ পূর্বে সাধাৰণতে মুম্বাইত প্রায় ২,৪০০খন স্থানীয় ৰে’ল চলাচল কৰিছিল৷ সামাজিক দূৰত্বৰ নিয়ম বর্তাই ৰাখি চলাচল কৰা ৰে’লসমূহে যথেষ্ট কমসংখ্যক যাত্রীক লৈ যাত্রা কৰে৷ ১২০০ আসন থকা এখন ৰে’লগাড়ীত ৭০০ লোককহে যাত্রাৰ অনুমতি দিয়া হয়৷