নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

FREE ত হৈছে ব্যক্তিগত হাস্পতালত ক’ৰোনাৰ চিকিৎসা; আপুনি জানেনে কি এই আঁচনি ?

  • ব্যক্তিগত হাস্পতালত ক’ৰোনাৰ চিকিৎসা Free
  • ভাৰত চৰকাৰৰ আঁচনিৰ অধীনত ব্যক্তিগত হাস্পতালত ক’ৰোনা চিকিৎসা
  • বহু কম মূল্যত পিপিকিট আৰু মাস্ক

 

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ক’ৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে আপুনি কেৱল চৰকাৰী হাস্পতালৰ ওপৰতে নিৰ্ভৰ হৈ থকাৰ প্ৰয়োজন নাই । কিয়নো আপুনি ব্যক্তিগত হাস্পতালতো বিনা মূল্যতে ক’ৰোনাৰ চিকিৎসা কৰিব পাৰিব ।

কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনিৰ অধীনত আপুনিও এই মহামাৰীৰ চিকিৎসা বিনা মূল্যত ব্যক্তিগত হাস্পতালতো কৰিব পাৰিব ।

আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ব্যক্তিগত হাস্পতালত ক’ৰোনা চিকিৎসা-

নেশ্যনেল হেল্থ অথৰিটীৰ অতিৰিক্ত CEO প্ৰৱীণ গেডামৰ মতে বিশ্বৰ সকলোতকৈ ডাঙৰ স্বাস্থ্য আঁচনি ‘আয়ুষ্মান ভাৰত’ (Ayushman Bharat) ৰ অধীনত ক’ৰোনা ভাইৰাছৰ চিকিৎসা চৰকাৰী হাস্পতালৰ সমান্তৰালকৈ ব্যক্তিগত হাস্পতালতো সম্ভৱপৰ হৈ উঠিছে ।

ক’ভিড পেকেজৰ অধীনত দেশত প্ৰায় ৮,০০০ ক’ৰোনা পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে আৰু প্ৰায় ৬,০০০ চিকিৎসা ব্যক্তিগত হাস্পতালত চলি আছে ।

ইপিনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এই আঁচনিত দেশত বিগত এমাহত ১০০০ খন নতুন হাস্পতালক সাঙুৰি লোৱা হৈছে । লগতে এই আঁচনিৰ অধীনত বৰ্তমান ২২,০০০ তকৈ অধিক হাস্পতাল আছে ।

বহু কম মূল্যত পিপিকিট আৰু মাস্ক

চিইঅ’ প্ৰৱীণ গেডামে লগতে কয় যে দেশত ক’ৰোনা সংকটৰ প্ৰতি লক্ষ্য কৰি আয়ুষ্মান ভাৰত আঁচনি (Pradhan Mantri Jan Arogya Yojana) ত বহু পৰিৱৰ্তন কৰা হৈছে । এই আঁচনিত ক’ৰোনাৰ পৰীক্ষা আৰু চিকিৎসা আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ লগতে পিপিকিট আৰু মাস্কৰ খৰচকো সামৰি লোৱা হৈছে ।

উল্লেখ্য যে আয়ুষ্মান ভাৰত আঁচনি বা প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি হৈছে ভাৰত চৰকাৰৰ এক স্বাস্থ্য আঁচনি, যাৰ লক্ষ্য হৈছে আৰ্থিকভাৱে পিছপৰা লোক, বিশেষকৈ বিপিএল কাৰ্ড থকা লোকসকলৰ স্বাস্থ্য বীমা বিনা মূল্যত কৰোৱা । এই আঁচনিৰ অধীনলৈ অহা প্ৰত্যেকটো পৰিয়ালকে ৫ লাখ টকালৈকে স্বাস্থ্য বীমা উপলব্ধ কৰা হৈছে ।

(উৎস- ZEE নিউজ)

You might also like