জয়ন্তৰ মৃত্যুৰ ৰহস্য কি ? শোকাকুল বালিজানৰ চৌদিশ
- গোটেই নিশা এম্বুলেন্সত পৰি থাকিল মৃতদেহ
- বাসগৃহত উপস্থিত মন্ত্ৰী, সাংসদৰ দল
- ফাৰ্ষ্ট ট্ৰেক আদালতত হ’ব তদন্ত
- পৰিয়াললৈ সাহাৰ্য, সংস্থাপন
- মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীক নিলম্বন
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ অবৈধ মাৰণাস্ত্ৰ ৰখাৰ সন্দেহত সেনা-আৰক্ষীয়ে উঠাই লৈ যোৱা জয়ন্ত বৰাৰ ৰহস্যজনকভাবে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি দ্বিতীয় দিনাও চেপা উত্তেজনাই বিৰাজ কৰি আছে সমগ্ৰ বালিজান অঞ্চল।
যোৰহাট জিলাৰ বৰহোলা থানাৰ অন্তৰ্গত এই বালিজানৰ চৌদিশে এতিয়া শোকাকুল পৰিবেশ। এগৰাকী বিধবা মাতৃৰ বুকু শুদা কৰি একমাত্ৰ পুত্ৰক সেনা-আৰক্ষীয়ে অভিযানৰ নামত হত্যা কৰা ঘটনাই অঞ্চলটোৰ হাজাৰ হাজাৰ জনতাক উত্তেজিত আৰু অধিক প্ৰতিবাদী কৰি তুলিছে। এই পৰ্যন্ত প্ৰশাসনে স্পষ্ট কৰি দিয়া নাই যে সেনা-আৰক্ষীৰ জিম্মাত থকা জয়ন্ত বৰাৰ মৃত্যু হ’ল কেনেকৈ। জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদণ্ড প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আওকাণ কৰি দোষী অপৰাধীক প্ৰশাসনে একপ্ৰকাৰ ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে ৰাইজে।
ইফালে জিলা প্ৰশাসনে কালিৰ পৰা কৌশলেৰে জয়ন্ত বৰাৰ মৃতদেহ পৰিয়ালক চমজাই দিবলৈ উঠি পৰি লগাহে পৰিলক্ষিত হৈছে। প্ৰশাসনৰ শেহতীয়া এনে কাৰুকাৰ্যৰ বাবে বৰ্তমান ৰাইজ ভাবিবলৈ বাধ্য হৈছে যে সম্পূৰ্ণ পূৰ্বপৰিকল্পিতভাবে সেনা-আৰক্ষীয়ে মিলি নিৰ্দুষী যুৱকজনক মাজৰাতি শোৱাপাটীৰ পৰা উঠাই নি হত্যা কৰিছে। কালি যোৰহাট জিলা আৰু তিতাবৰ মহকুমা প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্ত চৰকাৰী বিষয়াই জয়ন্ত বৰাৰ বাসগৃহত উপস্থিতি হৈ পৰিয়ালক মৃতদেহ চমজাব বিচাৰিছিল। কিন্তু জয়ন্তৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে মাতৃ লীলা বৰাই জয়ন্তৰ মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰে।
প্ৰশাসনে অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনকভাবে জয়ন্তৰ নিথৰ দেহ গোটেই ৰাতি পথৰ কাষতে এখন এম্বুলেন্সত পেলাই ৰাখিলে। কিন্তু প্ৰশাসনৰ ক্ষন্তেকীয়া আবেগৰ নাটকখন ইমানটো অন্ত নপৰিল। আজি খুব পুৱাতে পুনৰ জিলা উপাযুক্ত সহ কেইবাজনীয়া প্ৰশাসনৰ এটা দল জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হৈ মৃতদেহ চমজি লবলৈ পৰিয়ালক পুনৰ অনুৰোধ জনাইছিল। কিন্তু নিজ মতত অটল আছিল মৃত জয়ন্ত বৰাৰ মাতৃ। উল্লেখ্য যে অপৰাধী, সন্ত্ৰাসবাদীক হত্যা কৰাৰ দৰে জয়ন্ত বৰাক অতি বৰ্বৰ আৰু অমানবীয়ভাবে হত্যা কৰাৰ পিছত প্ৰশাসনে ৰাইজৰ এটাও দাবীৰ প্ৰতি গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিততে পৰিবেশ অধিক উতপ্ত হৈ উঠিছিল।
জয়ন্তৰ বাসগৃহত উপস্থিত থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে নিশ্চিতভাৱে এইটো পূৰ্বপৰিকল্পিত ঘটনা। কালি আৰক্ষীৰ কেইবাজনো উচ্চপৰ্যায়ৰ বিষয়াৰ উপস্থিতিত জয়ন্ত বৰাৰ মাতৃয়ে তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছিল। কিন্তু আজি ২৪ ঘণ্টা পাৰ হোৱাৰ পিছতো তদন্ত আৰম্ভ নহ’ল। যদি ভাৰতৰ সকলো পৰ্যায়ৰ লোকৰ বাবে আইন একেখনেই তেনেহলে কিয় জয়ন্ত বৰা মাতৃয়ে স্পষ্টকৈ নাম উল্লেখ কৰাৰ পিছতো অভিযুক্তক এই পৰ্যন্ত তদন্তৰ আওতালৈ নানিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে। এজন সুস্থ-সৱল যুৱকক নিশা হত্যা কৰি পিছদিনা মৃতদেহ চমজি ল’বলৈ জোৰ দি থকাটো কেতিয়াও উচিত হোৱা নাই বুলিও প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে।
ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকাই কয় যে সমগ্ৰ ঘটনাটোৰ তদন্তৰ নামত অকল ভেকোভাওনা হৈছে। জয়ন্ত বৰাৰ বাসগৃহত অভিযান চলাবলৈ আৰ্মীয়ে যি খবৰ লাভ কৰিছিল, সেয়া শীঘ্ৰে ৰাজহুৱা কৰক। বিজেপি চৰকাৰৰ দিনত অব্যাহত থকা এনে মুক্তহত্যা এতিয়া গুপ্তহত্যালৈ পৰ্যবসিত হ’ব ধৰিছে। চৰকাৰৰ গৃহ বিভাগে জয়ন্ত বৰাৰ পৰিয়াল আৰু ৰাইজৰ দাবীসমূহ তৎকালীনভাবে পুৰন কৰক।জয়ন্তৰ দৰে যাতে আৰু কোনো নিৰ্দুষী অসমীয়া যুৱক সেনা-আৰক্ষী অবিবেচকী কাণ্ডত মৃত্যু নহয় তাৰ বাবে সোণোৱাল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জয়ন্তৰ বাসগৃহৰ পৰাই আজি ৰাইজে দাবী জনাইছে।
জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত মন্ত্ৰী, সাংসদৰ দলঃ
ৰাইজৰ প্ৰৱল দাবী আৰু প্ৰতিবাদৰ পিছত আজি আবেলি জয়ন্ত বৰাৰ বালিজানৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী, সাংসদ সহ এটা চৰকাৰী দল। দলটোত আছিল কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰা, সাংসদ তপন কুমাৰ গগৈ, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্র তথা গড়কাপ্টানী বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মহনকে ধৰি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী, যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই আদি।
দলটোৱে প্ৰয়াত জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ সৈতে প্ৰতক্ষ্যভাবে বাৰ্তালাপ কৰে। ইয়াৰ পিছতে বাসগৃহত উপস্থিত থকা বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সৈতে এক আলোচনাত মিলিত হৈ মৃত জয়ন্ত বৰাৰ অন্তিম সংস্কাৰৰ বাবে অনুৰোধ জনায়। মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ফোনযোগে আলোচনা কৰি পৰিয়ালটোলৈ অসম চৰকাৰৰ তৰফৰ পৰা ছয় লাখ টকাৰ এককালীন সাহাৰ্য আৰু এটা চৰকাৰী সংস্থাপন দিয়াৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰে।
ইফালে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত সম্পন্ন হ’ব বুলি আশ্বাস দি তদন্তৰ বাবে অসম চৰকাৰৰ আয়ুক্ত সচিব তথা ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈক দায়িত্ব অৰ্পণ কৰাৰ কথা জানিবলৈ দিয়ে। তদন্তৰ প্ৰতিবেদন সাত দিনৰ ভিতৰত দাখিল কৰি দোষীক উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে তিতাবৰ মহকুমা আৰক্ষী বিষয়া, বৰহোলা থানা আৰু বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তৎকালীনভাবে নিলম্বন কৰাৰ কথা ব্যক্ত কৰে দলটোৱে। এই সকলো কথা সাংসদ তপন কুমাৰ গগৈয়ে ৰাজহুৱাকৈ পাঠ কৰি শুনোৱাৰ লগতে লিখিত ৰূপত স্বাক্ষৰ কৰি পৰিয়ালৰ হাতত প্ৰদান কৰে। উপস্থিত ৰাইজে দলটোৰ জৰিয়তে প্ৰায় ছটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী বিষয়া অমৃত হোজাই, মিণ্টু সন্দিকৈ আৰু গোপাল দলেক নিলম্বনঃ
ঘটনাটোৰ লগত জড়িত থকাৰ অভিযোগত আজি তিনিজন আৰক্ষী বিষয়াক তৎকালীনভাবে নিলম্বনৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। তিতাবৰ মহকুমা আৰক্ষী বিষয়া অমৃত হোজাই, বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু সন্দিকৈ আৰু বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলেক নিলম্বনৰ নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰিছে মৃত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰা, যোগেন মহন আৰু সাংসদ তপন কুমান গগৈয়ে।
উল্লেখ্য যে দেওবাৰৰ মাজনিশা এইকেইজন আৰক্ষী বিষয়াৰ সহযোগতে জয়ন্ত বৰাৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ বিচাৰি চৰাইদেউৰ ভাৰতীয় সেনাৰ এটা দলে অভিযান চলাইছিল। দলটোৱে বলপূৰ্বক ভাবে জয়ন্ত বৰাক উকা কাগজত চহী কৰি উঠাই লৈ যোৱাৰ পিছতে ৰহস্যজনকভাবে মৃত্যু হৈছিল জয়ন্তৰ। এই কেইজন আৰক্ষী বিষয়াই আৰ্মীৰ সৈতে উক্ত নিশা জয়ন্তক বিচাৰি অহাৰ কথা মাতৃ লীলা বৰাই সংবাদ মাধ্যম আৰু ৰাইজৰ আগত স্পষ্টকৈ প্ৰকাশ কৰিছিল।
প্ৰথম অৱস্থাত আৰক্ষী বিষয়া কেইজনক প্ৰশাসনে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উঠিছিল যদিও ৰাইজৰ নেৰানেপেৰা প্ৰতিবাদৰ পিছত আজি তিনিওজনক মুখ্যমন্ত্ৰীয়ে নিলম্বনৰ নিৰ্দেশ দিয়ে। ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰু অধিক কটকটীয়া কৰি সকলো দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে।