নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ভাৰত-চীন সীমান্তত সীমাবিবাদ চলি থকাৰ মাজতে পূব লাডাখ ছেক্টৰৰ গালৱান উপত্যকাত চীন-ভাৰত সীমান্তত কালি নিশা হোৱা সংঘৰ্ষত ২০ জনকৈ সেনা জোৱান ছহীদ হৈছে ।
সংবাদ প্ৰতিষ্ঠান ANI ৰ মতে ২০ জন জোৱান ছহীদ হৈছে যদিও ইয়াৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ৪৫ বছৰৰ মূৰত চীন সীমান্তত নিহত হ’ল ভাৰতীয় জোৱান ।