নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত ক’ৰোনাৰ পৰিৱৰ্তে এইবাৰ ফৰিঙৰ সন্ত্রাস

বিশেষ ধৰণৰ ফৰিঙক লৈ আতংকিত অঞ্চলবাসী

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ  ৰাজ্যত অব্যাহত আছে মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংক৷ সমান্তৰালকৈ মহানগৰীৰ চন্দ্রপুৰ অঞ্চলৰ দুগৰাকীকৈ ব্যক্তি ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত অঞ্চলটোত বিৰাজ কৰিছে এক আতংকময় পৰিৱেশ৷

কিন্তু এই আতংকময় পৰিৱেশৰ মাজতেই সম্প্রতি চন্দ্রপুৰ অঞ্চলত এক বিশেষ ধৰণৰ ফৰিঙক লৈ আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ জানিব পৰা মতে, আজি চন্দ্রপুৰৰ তাঁতীমাৰা গাঁৱত থকা বিশ্ববেংকৰ অর্থ সাহায্যৰে নির্মিত নীৰ নির্মল পৰিযোজনাৰ মুখ্য প্রকল্পত থকা কর্মচাৰীসকলে প্রত্যক্ষ কৰে এই বিশেষ ধৰণৰ ফৰিংবিধ৷

ফৰিংবিধে প্রকল্প চৌহদত থকা আম, কঁঠাল, জাম, কলগছ আদিৰ লগতে লতাজাতীয় উদ্ভিদত বগাই উদ্ভিদবোৰৰ পাতসমূহ এফালৰ পৰা খাই বিনষ্ট কৰিছে৷ প্রকল্পটোৰ কর্মচাৰীসকলে এই বিশেষ ফৰিংবিধ পূর্বতে অঞ্চলটোত কেতিয়াও দেখা পোৱা নাই বুলি জানিবলৈ দিছে৷ ইপিনে, কৃষিপ্রধান চন্দ্রপুৰ অঞ্চলত যদি ফৰিংবিধৰ সংখ্যা বৃদ্ধি পায়, তেতিয়াহ’লে কৃষক ৰাইজৰ বিস্তৰ ক্ষতি হোৱাৰ আশংকা প্রকাশ কৰিছে ৰাইজে৷  লকডাউনৰ ফলত জুৰুলা হৈ পৰা কৃষক ৰাইজক যদি এইবাৰ ফৰিঙে জুৰুলা কৰে, তেনেহ’লে কৃষক ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হোৱাটো প্রায় নিশ্চিত৷৷

You might also like