নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক হাতে নহয় ভাতে মৰাৰ প্ৰস্তুতি চলাব পাৰে ভাৰতে, বাতিল হ’ব নেকি ব্যৱসায়িক চুক্তি?

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ভাৰত-চীন সীমান্তৰ গলৱান কাণ্ডৰ পিছত চীনক লৈ সৰৱ হৈছে ভাৰত। প্ৰধান মন্ত্ৰী মোদীয়ে শ্বহীদৰ মৃত্যু অথলে যাবলৈ দিয়া নহ’ব বুলি ইতিমধ্যে জনাইছে। দুয়ো দেশৰ সীমান্তত ইতিমধ্যে চেপা উত্তেজনা বিৰাজমান।

এনে পৰিস্থিতিত বাতিল হ’ব পাৰে চীনৰে কৰা বহু ব্যৱসায়িক চুক্তি। এই ক্ষেত্ৰত চৰ্চালৈ আহিছে দিল্লী-মীৰাট আৰ আৰ টি এছ (Regional Rapid Transit System) প্রকল্পৰ কথা।

এই প্ৰকল্প অনুসৰি অশোকনগৰৰ পৰা চাহিবাবাদলৈ প্ৰায় ৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণ কৰা হ’ব। ১২ জুনত ইয়াৰ টেণ্ডাৰ লাভ কৰে চীনা কোম্পানী চাংহাই টানেল ইঞ্জিনীয়াৰিং কোঃ লিমিটেডে। প্ৰতিষ্ঠানটোৱে ১,১২৬ কোটিত কাম কৰাৰ ঠিকা লাভ কৰাৰ পৰিৱৰ্তে দ্বিতীয় স্থানত থকা ভাৰতীয় কোম্পানীয়ে ১,১৭০ কোটিত কাম কৰাৰ প্ৰস্তাৱ দিছিল।

কিন্তু কম খৰচৰ বাবে চীনা কোম্পানীটোৱে টেণ্ডাৰ লাভ কৰে। এতিয়া গলৱান ঘাটিৰ কাণ্ডৰ বাবে এই সকলো চুক্তি বাতিল কৰি ভাৰতে চীনক এসেকা দিয়াৰ সময় উপস্থিত হৈছে।

You might also like