নিয়মীয়া বাৰ্তা, ১৮ জুনঃ গলৱান ঘাটিৰ মুখামুখি সংঘৰ্ষত মৃত্যু হোৱা বুলি খবৰ আহিছিল এগৰাকী জোৱানৰ পত্নীলৈ। সুনীল ৰায় নামৰ এই জোৱানজনৰ পত্নী মেনকা ৰায় চমকি উঠিছিল প্ৰিয় স্বামীৰ মৃত্যুসংবাদ শুনি। ঘৰত সৃষ্টি হৈছিল তীব্ৰ দুখ-শোকৰ পৰিৱেশ। কিন্তু পিছদিনাই স্বামীৰ মোবাইলৰ পৰা আহিল ফোন। ‘অভিতক জিন্দা হু’ বুলি স্বামীয়ে কুশল বাৰ্তা দিছিল পত্নী মেনকাক। উশাহ ঘূৰাই পোৱাৰ দৰে হৈছিল মেনকাৰ।
এই ঘটনা বিহাৰৰ চাৰণ জিলাৰ। সোমবাৰৰ নিশাৰ শ্বহীদ সেনাৰ মাজত সুনীল ৰায়ো থকা বুলি মঙলবাৰে ৰায়ৰ পত্নীক ফোনযোগে জনায় সেনাৰ কোনো বিষয়াই। হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় সুনীল ৰায়ৰ ঘৰত। সবিশেষ খবৰৰ অপেক্ষাত গোটেই নিশা দুখ-শোকৰ মাজত থাকে পৰিয়ালটো।
কিন্তু বুধবাৰে সুনীল নাথে পত্নীক জীয়াই থকাৰ কথা জনোৱাৰ পিছতে শোকসাগৰৰ পৰা উদ্ধাৰ পায় পৰিয়ালেটো। পিছত গম পোৱা গল সুনীল ৰায় নামৰ আন এজন জোৱান শ্বহীদ সঁচাকৈয়ে হৈছে। দুয়োজন জোৱানৰ পিতৃৰ নামো একে হোৱাত এই ভুল হৈছিল। সুনীল ৰায় লাডাখৰ লেহত আৰু শ্বহীদ সুনীল ৰায় নিযুক্ত আছিল গলৱানত।