দেশ বিদেশৰাষ্ট্ৰীয় দুঃখবৰ ! এতিয়াৰে পৰা পদপথত নাপাব আপোনাৰ প্ৰিয় ফুচকা By নিয়মীয়া বাৰ্তা On Jun 18, 2020 Share নিয়মীয়া বাৰ্তা, ১৮জুনঃ যদি আপোনাৰো প্ৰিয় পানীপুৰি, তেন্তে অতি দুখবৰ । দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় সকলো লোকৰেই অতি প্ৰিয় ভিন্ন নামেৰে প্ৰসিদ্ধ পানীপুৰি অৰ্থাৎ ফুচকাক ক’ৰোনা সংক্ৰমণৰ অন্যতম বাহক বুলি জনা গৈছে । ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ কানপুৰত ফুচকা বিক্ৰীত নিষেধাজ্ঞা দিয়া হৈছে । শেহতীয়াকৈ অহা এক ৰিপৰ্ট মতে, কানপুৰত ঠেলাত বিক্ৰী হোৱা পানীপুৰি খাবলৈ হেতা ওপৰা লগায় আৰু যাৰ বাবে সামাজিক দূৰত্ব বা ক’ৰোনালৈ পিঠি দিয়ে । এনে কাৰ্যৰ পাছতেই জিলাখনৰ ন্যায়াধীশ ডা০ ব্ৰহ্মদেৱ ৰাম তিৱাৰীয়ে কানপুৰত পানী পুৰি বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰে । লগতে কয় যে আনলক-১ ত পথৰ কাষৰ খাদ্য খোৱাৰ বাবে ক’ৰোনাৰ বাবে লোৱা প্ৰতিৰোধক বুঢ়া আঙুলি প্ৰদৰ্শন কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত ক’ৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি জিলা ন্যায়াধীশ তিৱাৰীয়ে প্ৰকাশ কৰিছে । উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ভিতৰতে কানপুৰত সৰ্বাধিক ক’ৰোনা আক্ৰান্তৰ হাৰ বেছি । Share