নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ হাতত বিশ্বকাপৰ ফাইনেল ‘বিক্রী’ কৰিছিল শ্রীলংকাই !

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ শ্রীলংকাই ভাৰতৰ হাতত ২০১১ৰ আই চি চি বিশ্বকাপৰ ফাইনেল মেচখন বিক্রী কৰিছিল৷ অর্থাৎ দলটোৱে ইচ্ছাকৃতভাৱে পৰাস্ত হৈ ভাৰতক ঐতিহাসিক জয়ৰ সুযোগ দিছিল৷ –এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শ্রীলংকাৰ তেতিয়াৰ ক্রীড়ামন্ত্রী মহিন্দানন্দ এলুথগামেজে৷

 শ্রীলংকাৰ সংবাদ মাধ্যমৰ আগত তেওঁ  স্পষ্টকৈ কয় যে ২০১১ৰ বিশ্বকাপৰ ফাইনেলত আমাৰ দেশ ভাৰতৰ হাতত বিক্রী হৈছিল৷ ‘ক্রীড়ামন্ত্রী হৈ থকাৰ সময়তো মই এই কথা বিশ্বাস কৰিছিলোঁ যে ২০১১ৰ বিশ্বকাপৰ ফাইনেলত আমি ইচ্ছাকৃতভাৱে পৰাজয়বৰণ কৰিছিলোঁ৷ কিন্তু এই কথা মই সেই সময়ত মুকলি কৰিব বিচৰা নাছিলোঁ৷ মেচখনত আমি নিশ্চিত জয়ৰ দিশে আগবাঢ়িছিলোঁ৷ কিন্তু শেষ মুহূর্তত আমি ভাৰতৰ হাতত বিক্রী হৈ গ’লোঁ৷ মই খেলুৱৈসকলৰ সৈতে প্রত্যক্ষ যোগাযোগত নাছিলোঁ৷ কিন্তু এটা চক্রই তেওঁলোকৰ সৈতে সঘনাই যোগাযোগ ৰক্ষা কৰিছিল৷’ প্রাক্তন ক্রীড়ামন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় ৰাজ্যিক শক্তিমন্ত্রীগৰাকীয়ে এইদৰে কয়৷

  উল্লেখ্য যে মহিন্দানন্দ এলুথগামেজ ২০১০ৰ পৰা ২০১৫লৈ শ্রীলংকাৰ ক্রীড়ামন্ত্রীৰ দায়িত্বত আছিল৷ তেওঁৰ কার্যকালৰ সময়ত অর্থাৎ ২০১১ত ভাৰতত অনুষ্ঠিত আই চি চি এদিনীয়া বিশ্বকাপত শ্রীলংকাই সুন্দৰ প্রদর্শনেৰে ফাইনেলত প্রৱেশ কৰিছিল৷ ঘৰুৱা দল ভাৰতৰ বিৰুদ্ধে ফাইনেলত দলটোৱে প্রথমে বেটিং কৰি নির্ধাৰিত ৫০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২৭৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷

শ্রীলংকাই বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইনিংছৰ আৰম্ভণিতে ভাৰতে শচীন তেণ্ডুলকাৰ আৰু বীৰেন্দ্র সেৱাগৰ উইকেট হেৰুৱাই সংকটৰ সন্মুখীন হৈছিল৷ কিন্তু অধিনায়ক মহেন্দ্র সিং ধোনী, গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙৰ দুর্দান্ত বেটিঙৰ সহায়ত টীম ইণ্ডিয়াই সুদীর্ঘ ৩৩ বছৰৰ মূৰত বিশ্বকাপ জয়েৰে ইতিহাস ৰচিছিল৷

ইফালে, ফাইনেলত ভাৰতৰ হাতত শ্রীলংকাৰ আত্মসমর্পণক দ্বীপ ৰাষ্ট্রখনৰ একাংশ প্রাক্তন ক্রিকেটাৰে সহজভাৱে লোৱা নাছিল৷ ২০১৭ৰ জুলাইত শ্রীলংকাৰ প্রাক্তন অধিনায়ক অর্জুনা ৰাণাতুংগাই এই সন্দর্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ ২০১১ৰ বিশ্বকাপৰ ফাইনেলৰ তদন্তৰ দাবী তুলি তেওঁ অভিযোগ তুলিছিল যে মেচখনত শ্রীলংকাৰ পৰাজয় ৰহস্যজনক৷ ১৯৯৬ৰ বিশ্বকাপ বিজয়ী শ্রীলংকা দলৰ অধিনায়কগৰাকীয়ে এই অভিযোগৰ পিছত দেশখনৰ প্রাক্তন ক্রীড়ামন্ত্রীয়ে আজি উত্থাপন কৰা বিস্ফোৰক অভিযোগে বিশেষ তাৎপর্য বহন কৰিছে৷ কিয়নো শ্রীলংকান ক্রিকেট শেহতীয়াকৈ কেইবাটাও কেলেংকাৰিত জড়িত থকাৰ অভিযোগ পোহৰলৈ আহিছে৷

You might also like