নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি হেৰুৱালে অষ্ট্রেলিয়াৰ বেটিং প্রশিক্ষকে

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা বিৰূপ প্রভাৱৰ পৰিপ্রেক্ষিতত ক্রিকেট অষ্ট্রেলিয়াই ইয়াৰ ৪০গৰাকীকৈ কর্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে৷

  চাকৰি হেৰুওৱাসকলৰ ভিতৰত অন্যতম হ’ল দলটোৰ বেটিং প্রশিক্ষক গ্রেম হিক৷ অষ্ট্রেলিয়াৰ মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰে  এই কথা সদৰী কৰে৷ ‘ক্রিকেট অষ্ট্রেলিয়াই বৃহৎ বিত্তীয় লোকচানৰ মোকাবিলা কৰিবলৈ ১৫ শতাংশ কর্মচাৰীক অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে৷

এই অনুসৰি মুঠ ৪০গৰাকী লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে৷ মোৰ সহযোগী প্রশিক্ষক গ্রেম হিকো এই তালিকাৰ ভিতৰত আছে৷ তেওঁক এই কথা জনাবলৈ মই সাহস গোটাব পৰা নাই৷’ প্রশিক্ষক লেংগাৰে এইদৰে উল্লেখ কৰে৷

You might also like