নিয়মীয়া বাৰ্তা, ২১ জুনঃ সমগ্র দেশত দ্রুতগতিত বৃদ্ধি হোৱা ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণে বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীৰ ঘৰতো আতংকৰ সৃষ্টি কৰিছে৷ ভাৰতীয় দলৰ প্রাক্তন অধিনায়কগৰাকীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিস গাংগুলীৰ পত্নীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷
স্নেহাশিস গাংগুলীৰ পত্নীৰ পিতৃ–মাতৃকে ধৰি পৰিয়ালৰ আন চাৰিগৰাকী ব্যক্তিও ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ সম্প্রতি তেওঁলোকক হোম আইছ’লেচনত ৰখা হৈছে৷ উল্লেখ্য যে সৌৰভ গাংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিস গাংগুলী বংগ দলৰ এগৰাকী প্রাক্তন ৰঞ্জি ট্রফী ক্রিকেটাৰ৷ সম্প্রতি তেওঁ বংগ ক্রিকেট সন্থাৰ সম্পাদকৰ দায়িত্বতো অধিষ্ঠিত হৈ আছে৷
মন কৰিবলগীয়া যে লকডাউনৰ বাবে সম্প্রতি ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীও কলকাতাস্থিত বাসগৃহত উপস্থিত আছে৷ কলকাতাৰ পৰা প্রকাশিত বাতৰি অনুসৰি এতিয়ালৈকে গাংগুলীৰ শৰীৰত ক’ভিড–১৯ৰ কোনো লক্ষণ ধৰা পৰা নাই৷ ভাৰতীয় ক্রিকেটৰ অন্যতম সফল অধিনায়কগৰাকীয়ে শেহতীয়াকৈ ক’ৰোনাত ক্ষতিগ্রস্ত আর্তজনৰ ওচৰত থিয় দিয়া দেখা গৈছে৷
আৰম্ভণিতে তেওঁ ৫০ লাখ টকাৰ চাউল দৰিদ্রজনৰ মাজত বিলাই দিয়াৰ পিছত প্রায় ১০ হাজাৰ অভাৱগ্রস্ত লোকক ইস্কন চেণ্টাৰৰ সহযোগত দৈনিক খাদ্য যোগান ধৰি আহিছে৷ পশ্চিমবংগ আৰু ওড়িশাৰ উপকূলত ধ্বংসলীলা চলোৱা ছুপাৰ চাইক্ল’ন উম্পুনৰ ফলত ক্ষতিগ্রস্ত লোকসকলকো গাংগুলীয়ে সাহায্য আগবঢ়াইছিল৷ মন কৰিবলগীয়া যে সমগ্র বিশ্বক একপ্রকাৰ স্তব্ধ কৰি দিয়া মহামাৰী ক’ৰোনা ভাইৰাছে পশ্চিমবংগতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷