নিয়মীয়া বাৰ্তা, ২১ জুনঃ মহামাৰী ক’ভিড–১৯ত আক্রান্তৰ তালিকাত দেশৰ ভিতৰত তৃতীয় স্থানত থকা ৰাজধানী দিল্লীত চিকিৎসাকর্মীৰ দেহতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহামাৰী ভাইৰাছৰ সংক্রমণ৷
যোৱা মার্চ মাহৰ পৰা কালিলৈকে দিল্লীৰ মুখ্য হাস্পতালসমূহত কর্মৰত ১২০০তকৈ অধিক চিকিৎসক–নার্ছ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ নিয়ন্ত্রণাধীন হাস্পতালসমূহত এই আক্রান্তৰ সংখ্যা বৃদ্ধি হৈয়ে আছে৷ ইউনাইটেড নার্ছেছ এছ’চিয়েচনৰ তথ্য মতে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কর্মৰত চিকিৎসক–নার্ছো এই মহামাৰী ভাইৰাছত আক্রান্ত হৈছে৷ চিকিৎসাকর্মী আক্রান্তৰ তালিকাত ছাৰ গংগাৰাম হাস্পতাল, এইমছ, আৰ এম এল আদি প্রখ্যাত হাস্পতালৰ চিকিৎসক–নার্ছো আছে৷ লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতাল, দীপচান্দ বন্ধু হাস্পতাল, সত্যবাদী ৰাজা হৰিশ্চন্দ্র হাস্পতাল আৰু গুৰু টেগবাহাদুৰ হাস্পতালতো মহামাৰী ভাইৰাছত আক্রান্ত হৈছে চিকিৎসাকর্মী৷
এনেদৰে ৰাম মনোহৰ লোহিয়া হাস্পতাল, ছফদৰজং হাস্পতাল, লেডী হার্ডিংগে হাস্পতালতো আক্রান্ত চিকিৎসাকর্মী আছে৷ আন এক তথ্য মতে, দিল্লীত মহামাৰী ক’ৰোনা ভাইৰাছত চিকিৎসাকর্মী ২০০০তকৈ অধিক আক্রান্ত হৈছে৷