নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত আকাশৰ পৰা পৰিল ২.৭৮ কিঃগ্রাঃৰ শিলাখণ্ড

নিয়মীয়া বাৰ্তা, ২১ জুনঃ ৰাজস্থানৰ ছানছ’ৰত যোৱানিশা আকাশৰ পৰা প্রচণ্ড বিস্ফোৰণেৰে ২.৭৮ কিলোগ্রামৰ শিলাখণ্ড এটা মাটিত পৰাৰ পিছতেই অঞ্চলটোত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়৷ দুই কিলোমিটাৰ নিলগলৈকে শব্দ বিয়পি পৰা এই শিলাখণ্ডটোৰ স্থিতি স্থানীয় ৰাইজে প্রত্যক্ষ কৰাৰ পিছতে আৰক্ষীক অৱগত কৰায়৷

আৰক্ষী মহকুমাধিপতিৰ সৈতে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত শিলাখণ্ডটো প্রচণ্ড গৰম আছিল৷ কেইবাঘণ্টা ধৰি শিলাখণ্ডটো চেঁচা পৰাক লৈ অপেক্ষাৰ অন্তত শিলাখণ্ডটো আৰক্ষীয়ে লৈ যায়৷ প্রাৰম্ভিক তথ্য মতে, আকাশৰ পৰা খহি মাটিত পৰা শিলাখণ্ডটো উল্কাপিণ্ড বুলি ধাৰণা কৰিছে৷ আৰক্ষীয়ে এই উল্কাপিণ্ডটো স্থানীয় ব্যক্তিগত জুৱেলাৰী গৱেষণাগাৰত পৰীক্ষা কৰাত শিলাখণ্ডটো জার্মেনিয়াম, প্লেটিনিয়াম, নিকেল আৰু লোৰ দ্বাৰা গঠিত বুলি নিশ্চিত হয়৷

তথ্য মতে, শিলাখণ্ডটোৰ ১০.২৩ শতাংশ নিকেল, ৮৫.৮৬ শতাংশ লো, ০.৫ শতাংশ প্লেটিনাম, ০.৭৮ শতাংশ ক’বিড, ০.০২ শতাংশ জার্মেনিয়াম আৰু ৩.০২ শতাংশ কেইবাবিধ ধাতু আছে৷ সম্প্রতি ছানছ’ৰ আৰক্ষী থানাত থকা শিলাখণ্ডটোক লৈ স্থানীয় লোকসকলে উৎসুকতা প্রকাশ কৰি আছে৷ থানালৈ আহি অনেক লোকে এই উল্কাপিণ্ডসদৃশ শিলাখণ্ডটো প্রত্যক্ষ কৰি আছে৷ লক্ষণীয় যে শিলাখণ্ডটো আকাশৰ পৰা খহি পৰাৰ দিনা অঞ্চলটোৰ লোকসকল শংকিত হৈ আছিল৷

You might also like