নিয়মীয়া বাৰ্তা, ২১ জুনঃ বলীউডী ছবি ‘স্পেচিয়েল ২৬’ৰ আর্হিত গঢ় লোৱা গেং এটাক শনিবাৰে দিল্লী আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হয়৷
নিজকে চিবিআইৰ বিষয়া বুলি সাধাৰণ জনতাক প্রৱঞ্চনাৰে ধন ঘটা এই গেংটোৱে বিভিন্নজনৰ পৰা ধন–সোণ, সা–সম্পত্তিৰ লুণ্ঠন চলাই আহিছিল৷ দিল্লী আৰক্ষীয়ে আজি এই গেংটোক উৎখাত কৰি নগদ ধন, কেইবাখনো বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ দক্ষিণ দিল্লীত এই গেংটোৱে বিগত কেইবামাহ ধৰি সন্ত্রাস সৃষ্টি কৰি আহিছিল৷ গেংটোৰ মুৰব্বীজন পঞ্জাবৰ লক্ষিন্দৰ ওৰফে শিৱা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷