চীনা সামগ্রী বর্জনৰ আহ্বান হৰভজন সিঙৰ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ চীনা সামগ্রী বর্জনৰ আহ্বান জনোৱা প্রথমগৰাকী চেলিব্রিটী প্রাক্তন ক্রিকেটাৰ হৰভজন সিং৷ যোৱা ১৫ জুনত লাডাখৰ গালৱানত চীনা সৈন্যৰ হাতত কর্নেলসহ ২০গৰাকী ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে দেশজুৰি চীনা সামগ্রী বর্জনৰ জোৱাৰ উঠিছে৷
ৰাজনীতিকৰ পৰা বিভিন্ন দল–সংগঠনে এই চীনা সামগ্রী বর্জনৰ আহ্বান জনালেও প্রত্যক্ষভাৱে কোনো চেলিব্রিটী আগবাঢ়ি অহা নাছিল৷ অৱশেষত প্রাক্তন ক্রিকেটাৰ হৰভজন সিঙে চীনা সামগ্রী বর্জনৰ আন্দোলনত নিজকে জড়িত কৰিলে৷
দেশৰ চৰকাৰে চীনা সামগ্রী বর্জনৰ সিদ্ধান্ত গ্রহণ কৰিব লাগিব বুলি উল্লেখ কৰি হৰভজন সিঙে কয় যে তেওঁ চীনা সামগ্রীৰ বিজ্ঞাপনত অংশগ্রহণ নকৰে৷