নিয়মীয়া বাৰ্তা, ২১ জুনঃ ভাৰতীয় নিৰাপত্তা বাহিনীৰ দুই পৃথক অভিযানত পুনৰ ৪ সন্ত্ৰাসবাদী নিহত হৈছে জম্মু-কাশ্মীৰত। দক্ষিণ কাশ্মীৰৰ ছোপিয়া জিলাত এজন আৰু শ্ৰীনগৰৰ জাদিবলত চলোৱা তালাচী অভিযানৰ সময়ত নিহত হয় ৩ সন্ত্ৰাসবাদী। ছোপিয়া জিলাৰ লকিৰপুৰত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীজনৰ পৰা এটা এ কে-৪৭ উদ্ধাৰ কৰা হয়।
সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, শ্ৰীনগৰৰ জাদিবল অঞ্চলত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকা বুলি চোৰাংচোৱাৰ পৰা খবৰ পোৱাত অঞ্চলটোত তালাচী অভিযান চলায়। ইয়াৰ মাজতে সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰাত নিৰাপত্তা বাহিনীয়েও সমুচিত প্ৰত্যুত্তৰ দিয়ে আৰু ৩জন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।
জানিব পৰা মতে, সন্ত্ৰাসবাদীকেইজন যোৱা ২০ মে’ত পাণ্ডাচ চ’কত সংঘটিত দুই বি এছ এফ জোৱানৰ হত্যাকাণ্ডৰে জড়িত আছিল।