নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালৰ নতুন কৌশল: এফ এম ৰেডিঅ’ত ভাৰতবিৰোধী প্রচাৰ

নিয়মীয়া বাৰ্তা, ২২ জুন: বিবদমান কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা নিজ ভূখণ্ডৰ অন্তর্ভুক্ত বুলি দাবী কৰি হিমালয়ান ৰাষ্ট্র নেপালে শেহতীয়াকৈ সংসদত এক নতুন ৰাজনৈতিক মানচিত্রক অনুমোদন জনোৱা ঘটনাক লৈ ভাৰতৰ সৈতে দেশখনৰ সম্পর্কৰ অৱনতি ঘটাৰ সময়তে কেইবাটাও এফ এম ৰেডিঅ’ চেনেলে আৰম্ভ কৰিছে প্রচাৰ৷

সীমান্তৰ সমীপতে কার্যালয় থকা নেপালৰ এই এফ এম ৰেডিঅ’ৰ তৰফৰ পৰা প্রচাৰ চলোৱা হৈছে যে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা দেশখনৰ অবিচ্ছেদ্য অংগ৷ অর্থাৎ কাঠমাণ্ডু প্রশাসনৰ দাবীৰ প্রতি মুকলি সমর্থন জনাই প্রচাৰ আৰম্ভ কৰিছে এফ এম ৰেডি’ চেনেলবোৰে৷ সীমান্তত বাস কৰা ভাৰতীয় গঞাই শেহতীয়াকৈ সংবাদ মাধ্যমক জনাইছে এই কথা৷

স্মর্তব্য যে কেইবাটাও নেপালী এফ এম চেনেলে ভাৰতবিৰোধী বক্তব্য তথা গীত প্রচাৰ কৰিবলৈ লোৱা বুলি সীমান্তৰ গাঁৱৰ বাসিন্দাসকলে সংবাদ মাধ্যমক জনাইছে৷ নয়া নেপাল আৰু কালাপানী ৰেডি’ নামৰ এফ এম চেনেল দুটাই ইতিমধ্যে বিভিন্ন কার্যসূচীৰ মাজতে ভাৰতবিৰোধী প্রচাৰ তীব্রতৰ কৰা বুলিও কেইবাগৰাকীও গঞাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে৷ ইয়াৰ লগে লগে ভাৰতত বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like