নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীন তেণ্ডুলকাৰৰ ক্ষেত্ৰত দুবাৰকৈ ভুল সিদ্ধান্ত দিছিলোঁঃ আম্পায়াৰ ষ্টিভ বাকনাৰ

১৭ বছৰ বিৰতিৰ পাছত ভুলৰ স্বীকাৰোক্তি

 নিয়মীয়া বাৰ্তা, ২২ জুনঃ সুদীর্ঘ ১৭ বছৰ পূর্বে কৰা এটা ভুলৰ স্বীকাৰোক্তি কৰিলে বিশ্বৰ অন্যতম শ্রেষ্ঠ আম্পায়াৰ হিচাপে খ্যাত ষ্টিভ বাকনাৰে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সম্প্রতি সম্পূর্ণৰূপে স্থবিৰ হৈ আছে ক্রিকেট ক্ষেত্রখন৷ এনে সময়ছোৱাত ক্রিকেটাৰসকলৰ লগতে প্রাক্তন ক্রিকেটাৰ, ধাৰাভাষ্যকাৰ আৰু আম্পায়াৰসকলেও নানা বিষয়ৰ ওপৰত আলোচনা–বিলোচনা চলাই আছে৷

শেহতীয়াভাৱে ষ্টিভ বাকনাৰেও তেওঁৰ আম্পায়াৰ জীৱনত ঘটা এক ভুলৰ কথা সদৰী কৰিছে৷ ১২৮খন টেষ্ট মেচত আম্পায়াৰৰ দায়িত্ব গ্রহণ কৰা ষ্টিভ বাকনাৰে ২০০৩ চনত গাব্বাত ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত টেষ্টখনত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ বিৰুদ্ধে দিয়া আউটৰ সিদ্ধান্তটো সম্পূর্ণ ভুল আছিল বুলি সদৰী কৰে৷ টেষ্টখনত শচীনৰ বিৰুদ্ধে বলিং কৰা অষ্ট্রেলিয়া দলটোৰ তাৰকা বলাৰ জেছন গিলেস্পীৰ এটা বল ষ্টাম্পৰ ওপৰেৰে গৈছিল যদিও বাকনাৰে উক্ত বলটোত তেণ্ডুলকাৰক এল বি ডব্লিউ আউট দিয়ে৷

ইপিনে, ২০০৫ চনতো ভাৰতীয় দলটোৰ তাৰকা বেটছমেন শচীন তেণ্ডুলকাৰৰ বিৰুদ্ধে পুনৰ এক ভুল সিদ্ধান্ত দিছিল৷ ২০০৫ চনত ইডেন গার্ডেনত পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্টখনত আব্দুল ৰাজ্জাকৰ বলত কেছ আউট দিছিল শচীন তেণ্ডুলকাৰক৷ বার্বাডোজৰ মেচন এণ্ড গেষ্ট নামৰ ৰেডি’ৰ এক অনুষ্ঠানত ভাগ লৈ ষ্টিভ বাকনাৰে কয় যে তেওঁ আম্পায়াৰিং কৰা সময়ছোৱাত শচীন তেণ্ডুলকাৰৰ বিৰুদ্ধে দুবাৰকৈ ভুল সিদ্ধান্ত দিছিল৷

উক্ত দুয়োটা ভুলৰ বাবে অনুতপ্ত হৈ ৱেষ্ট ইণ্ডিজৰ প্রাক্তন আম্পায়াৰগৰাকীয়ে কয় যে মানুহ মাত্রেই ভুল হয়৷ ভাৰতৰ প্রাক্তন অধিনায়ক শচীন তেণ্ডুলকাৰৰ বিৰুদ্ধে লোৱা উক্ত দুয়োটা ভুল সিদ্ধান্তৰ সময়ত ষ্টেডিয়ামত ঠাহ খাই থকা দর্শকসকল উত্তেজিত হৈ পৰিছিল৷ শচীন তেণ্ডুলকাৰক আউট দিয়াত অনুৰাগীসকল বাৰুকৈয়ে ক্ষুব্ধ হৈ পৰিছিল বুলিও ষ্টিভ বাকনাৰে লগতে কয়৷

You might also like