নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগ্রাসী চীনক যোগ্য প্রত্যুত্তৰ দিয়াৰ পূর্ণ স্বাধীনতা সেনাক

নিয়মীয়া বাৰ্তা, ২২ জুনঃ লাডাখৰ গালৱান উপত্যকাত ভাৰতীয় সেনা জোৱানৰ বিৰুদ্ধে হিংস্র পাশৱিকতাৰ পৰিচয় দিয়া প্রতিৱেশী চীনৰ বাহিনীৰ বিৰুদ্ধে সকলো ধৰণৰ আক্রমণৰ মোকাবিলা কৰিবলৈ পূর্ণ স্বাধীনতা প্রদান কৰা হৈছে দেশৰ সশস্ত্র বাহিনীক৷

দেওবাৰে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে চীফ অৱ ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল বিপিন ৰাৱাট আৰু তিনিওটা বাহিনীৰ মুৰব্বীৰ সৈতে মিলিত হোৱা গুৰুত্বপূর্ণ বৈঠকত চৰকাৰে চীনৰ সকলো ধৰণৰ আক্রমণাত্মক আচৰণৰ যোগ্য প্রত্যুত্তৰ দিবলৈ সেনাক এই স্বাধীনতা প্রদান কৰিছে৷ লগে লগে সীমান্তত ৰঙা চীনৰ বাহিনী পি এল এৰ বিৰুদ্ধে এক পূর্ণাংগ যুদ্ধৰ সুযোগ লাভ কৰিছে দেশৰ সশস্ত্র বাহিনীয়ে৷

স্মর্তব্য যে জেনেৰেল ৰাৱাট, স্থলসেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানে, নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিং আৰু বায়ুসেনাৰ শীর্ষ বিষয়া এয়াৰ চীফ মার্শ্বাল বিকেএছ ভাডাউৰিয়াৰ সৈতে চীন সীমান্তৰ ৩,৫০০ কিলোমিটাৰ অঞ্চলত প্রতিৱেশী দেশখনৰ বাহিনীক কিধৰণে মোকাবিলা কৰা হ’ব, তাক লৈ গুৰুত্বপূর্ণ আলোচনাত আজি মিলিত হয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি প্রকৃত নিয়ন্ত্রণ ৰেখাত বায়ুসেনা আৰু স্থলসেনাই চীনা বাহিনীৰ আগ্রাসী আচৰণক মোকাবিলা কৰাৰ ক্ষেত্রত কেনেধৰণৰ সক্ষমতা ৰাখিছে, তাক লৈ পর্যালোচনা কৰে মন্ত্রী ৰাজনাথ সিঙে৷ এল এ চিত চীনৰ সকলো কাম–কাজৰ ওপৰত চোকা নজৰ ৰাখিবলৈ প্রতিৰক্ষামন্ত্রীগৰা স্থলসেনা আৰু বায়ুসেনাক নির্দেশ দিয়াৰ উপৰি গুৰুত্বপূর্ণ সামুদ্রিক পথত নৌসেনাকো এইক্ষেত্রত নিৰীক্ষণ ব্যৱস্থা কঠোৰ কৰি তুলিবলৈ আহ্বান জনায়৷

ভাৰত ভূমিত প্রৱেশ কৰাৰ ক্ষেত্রত কোনোধৰণৰ দুঃসাহস দেখুৱালেই ৰঙা চীনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত বুলিও তিনিওটা বাহিনীৰ মুৰব্বীকে জনাই দিছে প্রতিৰক্ষামন্ত্রীগৰা৷ স্মর্তব্য যে প্রায় ৬ ঘণ্টা ধৰি পূব লাডাখৰ বিভিন্ন স্থানত চীন–ভাৰতৰ সেনাৰ মাজত চলি আছে উত্তেজনা৷ যোৱা ১৫ জুনত গালৱান উপত্যকাত অতি হিংস্রতাৰ পৰিচয় দি চীনৰ সেনাই ভাৰতীয় বাহিনীৰ ২০ জোৱানক হত্যা কৰাৰ উপৰি ৭৬জনক গুৰুতৰভাৱে আহত কৰাৰ পাছতে প্রতিৱেশী দেশখনৰ সৈতে ১৯৬২ৰ পাছত এক পূর্ণাংগ যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷

দেওবাৰে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে চীনৰ সৈতে সীমান্তত ভাৰতীয় তিনিওটা সশস্ত্র বাহিনীক সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰাৰ পূর্ণ স্বাধীনতা প্রদান কৰাৰ লগে লগে সীমান্তত এক যুদ্ধৰ বাবে ভাৰত প্রকাৰান্তৰে সাজু হোৱাৰেই ইংগিত দিছে৷ তাৎক্ষণিকভাৱে অৱশ্যে এই সন্দর্ভত বেইজিঙৰ প্রতিক্রিয়া প্রকাশ পোৱা নাই৷

You might also like