নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত সিং ৰাজপুতৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব ছবি; ২০২২ চনৰ পূৰ্বেই পাব মুক্তি

নিয়মীয়া বাৰ্তা, ২২ জুনঃ সুশান্ত সিং ৰাজপুতৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব এখন ছবি । এই বাঅ’পিকখন হিন্দী, তেলুগু আৰু তামিল ভাষাত প্ৰস্তুত কৰা হ’ব । ছবিখনৰ পৰিচালকে জনোৱা মতে, ২০২২ চনত ছবিখন মুক্তিৰ পৰিকল্পনা কৰা হৈছে । ছবিখন পৰিচালনা কৰিব নিখিল আনন্দে ।

ইপিনে এই ছবিখন সাধাৰণ জনতাৰ ফাণ্ডৰ দ্বাৰা নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

এই ছবিখনৰ সন্দৰ্ভত পৰিচালক আনন্দে কয়- এই কথা পুনৰাই ক’বলৈ বেয়া লাগে যে সুশান্ত এতিয়া আমাৰ মাজত নাই । তেওঁ সকলো উদীয়মান অভিনেতাৰ বাবে প্ৰেৰণা আছিল । তেওঁ এতিয়া য’তে নাথাকক সুখত থাকক । মোৰ ছবিখন সুশান্তলৈ এক শ্ৰদ্ধঞ্জলি হ’ব । লগতে তেওঁ কয় বলীউডত চলি থকা পৰিয়াল কেন্দ্ৰিকতাৰ পৰিৱৰ্তে উঠি অহা চামে ইয়াত গুৰুত্ব পাওক ।

উল্লেখ্য যে ছবিখনক পূৰ্ণ ৰূপ দিবলৈ পৰিচালক আনন্দে সুশান্তৰ ঘৰৰ মানুহৰ লগতে পৰিয়াল আৰু বন্ধু-বৰ্গৰ সৈতে মত বিনিময় কৰাৰো পৰিকল্পনা কৰিছে ।

আনহাতে শুকুৰবাৰে এখন প’ষ্টাৰক লৈ বিশেষ চৰ্চা চলিছিল । সুশান্তৰ জীৱনভিত্তিক ছবিৰ কথা ঘোষণা কৰি ছবি নিৰ্মাতা বিজয় শেখৰে এখন ফটো আপলোড কৰিছিল । ছবি নিৰ্মাতাজনে আপলোড কৰা এই প’ষ্টাৰখনত নাম আছিল “চুইচাইড আৰু মাৰ্ডাৰ (Suicide or Murder) “। এই প’ষ্টাৰখন প্ৰচাৰ হোৱাৰ পাছতেই সকলোৱে ছবিখনক লৈ উৎসুকতাৰে বাট চাই আছিল । (উৎস iANS)

You might also like