পতঞ্জলিয়ে মঙলবাৰে মুকলি কৰিব ক’ৰোনাৰ ঔষধ
নিয়মীয়া বাৰ্তা ২২ জুনঃ মহামাৰী ক’ৰোনাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, যাৰ বাবে সকলোৰে মনত প্ৰশ্ন উদয় হৈছে কেতিয়া ক’ৰোনাৰ প্ৰতিষেধক ওলাব। বিজ্ঞানী সকলে দাবী কৰিছে যে এই বৰ্ষৰ অন্তত ক’ৰোনা প্ৰতিষেধক ওলাব।
কিন্তু ইয়াৰ মাজতে পতঞ্জলিৰ এটা ঘোষণাই তোলপাৰ লাগিছে। পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা যোগগুৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালা কৃষ্ণই টুইট কৰিছে যে ক’ৰোনা ভাইৰাছৰ ঔষধ মঙল বাৰে মুকলি কৰিব।
Proud launch of first and foremost evidence-based ayurvedic medicine for #corona contagion, #SWASARI_VATI, #CORONIL, is scheduled for tomorrow at 12 noon from #Patanjali Yogpeeth Haridwar?? pic.twitter.com/K7uU38Kuzl
— Acharya Balkrishna (@Ach_Balkrishna) June 22, 2020
আচাৰ্য বালা কৃষ্ণই টুইট কৰি কয় যে অহা কাইলৈ দুপৰীয়া ১২ বজাত পতঞ্জলী যোগ পীঠৰ দ্বাৰা সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা ক’ৰোনা ভাইৰাছৰ ঔষধ মুকলি কৰি দিয়া হ’ব।