নিয়মীয়া বাৰ্তা ২৩ জুনঃ বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰা ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ চলি থকা চর্চাৰ মাজতে ৰাজ্যলৈ ইতিমধ্যে উভতি আহিছে ২,৪৩,৪১৪জন লোক৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে এখন সংবাদ মেলযোগে এই তথ্য প্রকাশ কৰাৰ লগতে উল্লেখ কৰে যে বহিঃৰাজ্যৰ পৰা অহা প্রতিজন লোককে কোৱাৰেণ্টাইন কৰাৰ লগতে তেওঁলোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ তেনেদৰে এক বৃহৎসংখ্যক লোকৰ ক’ভিড টেষ্ট আৰু কোৱাৰেণ্টাইন কৰা প্রক্রিয়া সম্পন্ন কৰাটো স্বাস্থ্য বিভাগৰ বাবে বিশেষ কৃতিত্বৰ দিশ৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা তথ্য অনুসৰি বহিঃৰাজ্যৰ পৰা এই লোকসকলৰ ৭৩ হাজাৰ পথেৰে অহাৰ বিপৰীতে ১ লাখ ৯ হাজাৰ লোক ৰে’লেৰে আৰু ৬০ হাজাৰ লোক বিমানেৰে উভতি আহিছে৷ এই সংখ্যাৰ উপৰি ৭৫ হাজাৰ লোক উত্তৰ–পূবৰ ৰাজ্যসমূহৰ পৰা অসমলৈ উভতি আহিছে৷ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলৰ বাবে ১৭৩খন ৰে’ল আৰু ৭১১খন বিমান অসমলৈ আহিছে৷ তেওঁ কয়– ১৫ জুনত ৰে’লেৰে সর্বাধিক ৮,৫৮৬জন লোক অসমলৈ আহিছে৷ আনহাতে, কালি সর্বাধিক ৫ হাজাৰ লোক ৰে’লেৰে আহি অসমত উপস্থিত হৈছে৷ বহিঃৰাজ্যৰ পৰা এনেদৰে অসমলৈ উভতি অহা লোকৰ সংখ্যা ক্রমাৎ হ্রাস পাবলৈ লৈছে৷ ২৩ জুনৰ পাছত কৃষক–শ্রমিক ৰে’লৰ চলাচল বন্ধ হ’ব৷ এনে অৱস্থাত বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা হ্রাস পাব৷ গতিকে ২৩ জুনৰ পৰা ৭ দিনলৈ পৰিস্থিতি সুস্থিৰভাৱে চম্ভালি ল’লে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস পাব৷ এই সময়ছোৱাত আক্রান্তৰ সংখ্যা হয়তো ৬ হাজাৰ অথবা ৬৫০০লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে স্থাপন কৰা বৃহৎ কোৱাৰেণ্টাইন শিবিৰসমূহ ক’ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হ’ব৷ যিহেতু বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা হ্রাস পাব, তেনে অৱস্থাত কোৱাৰেণ্টাইন শিবিৰসমূহতো জুলাই মাহৰ প্রথম ভাগত লোকৰ সংখ্যা আপোনা–আপুনি হ্রাস পাব৷ সমান্তৰালভাৱে চিকিৎসালয়সমূহৰ পৰাও ক’ৰোনামুক্ত হোৱা বহু লোক ৰিলিজ পাব৷ এই দিশটোৰ প্রতি লক্ষ্য ৰাখি বৃহৎ কোৱাৰেণ্টাইন শিবিৰসমূহ ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰি ৰোগীক চিকিৎসা আৰম্ভ কৰা হ’ব৷
ইফালে স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে বহিঃৰাজ্যত আবদ্ধ হৈ পৰা অসমৰ পৰিয়ালসমূহলৈ ২ হাজাৰ টকাকৈ ৩ মাহৰ বাবে যি পুঁজি প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল, সেইমর্মে ২ মাহৰ পুঁজি প্রেৰণ কৰা হ’ল যদিও এই মাহৰ পুঁজি প্রেৰণত কিছু বিলম্ব হ’ব৷ কিয়নো বহিঃৰাজ্যৰ পৰা ইতিমধ্যে বহু লোক উভতি আহিছে৷ কোনসকল লোক উভতি আহিল আৰু কোন কোন পৰিয়াল এতিয়াও বহিঃৰাজ্যত আছে, তাক পৰীক্ষা কৰাৰ অন্তত জিলা উপায়ুক্তসকলে তথ্য দিয়াৰ পাছতহে পুঁজি প্রেৰণ কৰা হ’ব৷ ইয়াৰ বাবে ১০–১৫ দিন সময়ৰ আৱশ্যক হ’ব৷ ৰাজ্য চৰকাৰে ইতিমধ্যে ৩,৮৮,৪৫৬টা পৰিয়াললৈ ৪ হাজাৰ টকাকৈ প্রেৰণ কৰিছে৷