নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বায়ু সেনাৰ শীৰ্ষস্থানত উজলিল চাহ বিক্ৰেতাৰ কন্যা

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ লক্ষ্যত তেওঁহে উপনীত হয়, যাৰ সপোন ডাঙৰ হয় । পাখিৰে একো নহয়, হয় কেৱল উচ্চাকংক্ষা… সফলতাৰ শিখৰত মধ্য প্ৰদেশৰ আঞ্চল গনৱালৰো উৰণো থিক তেনেদৰেই আছিল ।

কন্যাক টিভিত দেখি গৌৰৱান্বিত হৈছিল মধ্যপ্রদেশৰ নীমুচ জিলাৰ এজন চাহ দোকানৰ মালিক সুৰেশ গানৱাল। জীৱনৰ সকলোতকৈ গর্বৰ মুহুর্ত। শনিবাৰে ইণ্ডিয়ান এয়াৰফোৰ্ছ একাডেমিৰ পৰা স্নাতক ফ্লাইং অফিচাৰ আঞ্চল গানৱালে ৰাষ্ট্রপতিৰ পদক লাভ কৰে।

উল্লেখ্য যে, ডুণ্ডিগলস্থিত ইণ্ডিয়ান এয়াৰফোৰ্ছ একাডেমিত শীর্ষস্থান অধিকাৰ কৰিছে আঞ্চলে। সকলো প্রতিকূলতা উপেক্ষা কৰি এয়াৰ ফোৰ্ছ একাডেমিত নিজৰ প্রতিভাৰ স্বাক্ষৰ ৰাখিলে আঞ্চলে।

নিমুচৰ এটা বাছষ্টেণ্ডত চাহৰ দোকান চলাই তেওঁৰ দেইতাকে । কিন্তু কন্যাৰ স্বপ্ন আৰু শিক্ষাৰ আকাংক্ষা পূৰণৰ বাবে নিজৰ আর্থিক অৱস্থাক কোনো প্রভাৱ পৰিবলৈ দিয়া নাছিল সুৰেশ গানৱাল।

শনিবাৰে কম্বাইণ্ড গ্রেজুয়েশ্যন পেৰেডত আঞ্চলক ৰাষ্ট্রপতিৰ পদক দিয়া হয়। যাৰ পাছতে ১২৩ ফ্লাইট কেডেটৰ ভাৰতীয় বায়ুসেনাৰ অফিচাৰ হিচাবে নিযুক্তি হয়।

You might also like