নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰৰ তিনিটা ছেক্টৰত পাক সন্ত্রাসবাদীৰ প্রৱেশৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ জম্মু–কাশ্মীৰলৈ পাকিস্তানে বিভিন্ন পথেৰে অধিকসংখ্যক সন্ত্রাসবাদী প্রেৰণৰ চেষ্টা চলাই আছে৷ কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বেষ্টনীত আক্রমণ চলোৱাৰ বাবে পাকিস্তানে সমগ্র উপত্যকালৈ সন্ত্রাসবাদী প্রেৰণৰ চেষ্টা চলোৱা বুলি শেহতীয়াকৈ আৰক্ষীপ্রধান দিলবাগ সিঙে সংবাদ মাধ্যমক জনাইছে৷ জম্মু–কাশ্মীৰৰ আৰক্ষীপ্রধানগৰাকীৰ্ মতে, জইচ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ বহু সন্ত্রাসবাদীয়ে তিনিটা ছেক্টৰেৰে কাশ্মীৰ উপত্যকাত প্রৱেশৰ চেষ্টা চলাইছে৷ এই তিনিটা ছেক্টৰ হৈছে– নাওছেৰা, ৰাজৌৰী–পুঞ্চ আৰু কপুৱাৰা–কেৰান ছেক্টৰ৷ ইতিমধ্যে এই ছেক্টৰ তিনিটাত যুদ্ধবিৰতি উলংঘা কৰি গোলাবর্ষণৰ ঘটনা বৃদ্ধি কৰিছে পাকিস্তানে৷ এই গোলাবর্ষণৰ উদ্দেশ্য হৈছে সন্ত্রাসবাদীক ভাৰতভূমিত কৌশলেৰে প্রৱেশত সুযোগ দিয়া৷ ইতিমধ্যে চোৰাংচোৱা সংস্থাসমূহেও এই তথ্য লাভ কৰা বুলি আৰক্ষীপ্রধানগৰাকীয়্ আজি ঘোষণা কৰাৰ পিছতে কাশ্মীৰ উপত্যকাত নিৰাপত্তা ব্যৱস্থা নিশ্ছিদ্র কৰি তোলা হৈছে৷

You might also like